সোণতলী, ২৪ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীত বানপানীয়ে হাজাৰ হাজাৰ বিঘা কৃষিভূমি গ্ৰাস কৰাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলী মৌজাৰ ৰাঙ্গাপানী, সুতিৰপাৰ, শেলেসুঁতি, ছমৰীয়াপাম, পুৰাণগাওঁ, ডেকাচাং, কিচমত কাঠমী, মালীবাৰী, আৰিকাটি, পল্লীমঙ্গল, বৰঘোল, কৰাইখাইতিকে ধৰি প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ কৃষিভূমি এতিয়াও বানৰ কবলত৷ অঞ্চলটোত বানে দুবাৰকৈ কালৰূপ ধাৰণ কৰাৰ পিছতো কৃষকৰ দুখ দুৰ্গতিৰ খবৰ ল’বলৈ কৃষি বিভাগে আহৰি নোপোৱাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ প্ৰথম বানে অঞ্চলটোৰ বেঙেনা, পঁটল, তিয়হ, কেৰেলা, জিকা, ভোলকে ধৰি বিভিন্ন পাচলি খেতি নষ্ট কৰাৰ পিছত দ্বিতীয়টো বানত তচনচ কৰে শালিধান, কুঁহিয়াৰ, মৰাপাট আদি বিভিন্ন শস্য পথাৰ৷  প্ৰলয়কাৰী বানৰ কবলত পৰি অঞ্চলটোৰ একাংশ মীন পালকৰ পুখুৰীৰো বিস্তৰ ক্ষতি হয়৷ বানৰ পানী পুখুৰীত সোমোৱাৰ ফলত মাছ ওলাই যোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ মীন পালকসকল৷ বানে অঞ্চলটোৰ বিস্তৰ ক্ষতি কৰাৰ পিছতো কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী তথা গ্ৰাম সেৱক, গাওঁবুঢ়া অঞ্চলটো পৰিদৰ্শন নকৰাত স্থানীয় লোক ক্ষোভিত হৈ পৰিছে৷ অঞ্চলটোৰ ক্ষতিগ্ৰস্ত বানাক্ৰান্ত কৃষকে চৰকাৰক ক্ষতিপূৰণৰ দাবী জনাইছে৷