জোনমণি বেগম

বিশ্বনাথ

১২ মাৰ্চ

বিহালী বিধানসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী এইবাৰ নিৰ্বাচনত জয়ী হওক বা নহওক কিয়, কিন্তু নিবনুৱা সকলক এটা চাকৰি দিবই। চাকৰিটো কিন্তু চৰকাৰে দিব নোৱাৰে, চাকৰিটো হৈছে মাটি দালালৰ চাকৰি। এই চাকৰিটো এগৰাকী বিধায়ক জয়ী হলেও দিব নহলেও দিব। শুকুৰবাৰে এনেদৰেই নিজ প্ৰতিদ্বন্দী প্ৰাৰ্থী গৰাকীক কটাক্ষ কৰে বিহালীৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই।

বিহালী সমষ্টিৰ খৰাশিমলু পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিজ প্ৰতিদ্বন্দী প্ৰাৰ্থী গৰাকীৰ প্ৰতি তীৰ্যক মন্তব্য বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ। বিহালী সমষ্টিত নিবনুৱাৰ সংস্থাপন হোৱা নাই বুলি বিহালী সমষ্টিৰ এজন প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰৰূপে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় যে বিহালীত যি সকল নিবনুৱাই চাকৰি লাভ কৰিছে সেইসকলৰ কোনেও ধন দি চাকৰি লোৱা নাই। সেয়েহে প্ৰতিদ্বন্দী প্ৰাৰ্থীজনে এনেধৰণৰ খবৰ লাভ কৰা নাই। তদুপৰি প্ৰতিদ্বন্দী প্ৰাৰ্থীজনে চাকৰি দিম বুলি নিবনুৱাৰ পৰা আবেদন গ্ৰহণ কৰা বুলিও বিস্ফোৰক অভিযোগ তুলিছে ৰঞ্জিত দত্তই। ইফালে বিজেপিৰ নিৰ্বাচনী সভাত বিশৃংখল সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থীজনে মাইক বজোৱা কাৰ্যক সমালোচনা কৰি বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় যে “বাঘ আহিলে ফেউৰা শিয়ালে হোঁৱা দিয়েই, পিছত কিন্তু আঁতৰি যায়। ইয়াকলৈ বেছি চিন্তা কৰি লাভ নাই।”

আনহাতে বিজেপি প্ৰাৰ্থীজনে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰত মহিলাৰ উপস্থিতি সন্দৰ্ভত মন্তব্য কৰে যে বিজেপি চৰকাৰে আগবঢ়োৱা সকলো সুবিধা গ্ৰামাঞ্চলৰ মহিলা সকলে লাভ কৰিছে। তাৰ পৰিণতিতে বিজেপিৰ প্ৰতি আস্থাশীল হৈ মহিলা সকলে নিৰ্বাচনী সভাত অংশলোৱাৰ লগতে বিজেপিৰ হৈ প্ৰচাৰ কাৰ্য চলাই পুণৰ এবাৰ ৰাজ্যত বিজেপিৰ চৰকাৰ গঠনৰ অংশীদাৰ হ’ব।