বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১২ নৱেম্বৰ: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনৈতিক দলসমূহে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ইখনৰ পাছত সিখনকৈ বৈঠক অনুষ্ঠিত কৰি আশ্বাস দিয়া দেখা গৈছে ৰাইজক। সোমবাৰেও বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অগপৰ এখন বিশাল গন সমাৱেশ অনুষ্ঠিত কৰা হয়। এই গন সমাৱেশত অসমৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে ভাষণ প্ৰদান কৰি কয় যে,”অগপৰ পতাকাৰ তলত ৰাইজে নিৰাপত্তা পাৱ। অগপ নীতি আৰু আদৰ্শৰ দল, আঞ্চলিকতাৰ সত্তা এতিয়াও আমি এৰি দিয়া নাই। বিজেপিৰ লগত আমি চৰকাৰত থাকিলেও আমি আঞ্চলিকতা ভাব এৰি দিয়া নাই ৷ ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈকে যিসকল লোক অসমত আছে তেওঁলোক অসমীয়া । ইয়াৰ পাছত যিসকল আহিছে তেওঁলোক বহিৰাগত। হিন্দুয়ে বা মুছলমানেই হওক”। বিয়লি দুই বজাত শিলপুখুৰী ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা সভাখনত লগতে আৰু কয় যে “ৰাইজ ওলাই আহক। অগপৰ পতাকাৰ তলত ৰাইজে নিৰাপত্তা পাব ৷” মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে লগতে এ আই ইউ ডি এফক সমালোচনা কৰি কয় যে “নিৰ্বাচন আহিলেহে এই দল ৰাইজৰ কাষলৈ আহে ।ৰাইজৰ দুখ আৰু মৰম নুবুজা এয়া হে এ আই ডি এফৰ দল। অগপৰ বটদ্ৰৱা সমষ্টি কমিটিৰ সভানেত্ৰী মামনি বৰাই পৌৰহিত্য কৰা সভাখনত অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে “অগপই অসম ৰাজ্যৰ চিন্তা কৰিব, কেন্দ্ৰৰ চিন্তা নকৰে ৷” আমি বিজেপিৰ লগত মিলি থাকি ২০১৬ বৰ্ষৰ নাগৰিকত্ব সংসোধনী বিধেয়কখনৰ বিৰোধিতা কৰি থাকিম। যেতিয়া চৰকাৰে এই আইনখন গৃহীত কৰিব তেতিয়াই আমি এই চৰকাৰৰ লগ এৰিম”। তেওঁ আৰু কংগ্ৰেছক সমালোচনা কৰি কয় যে “১৫ বছৰীয়া কংগ্ৰেছ দলৰ শাসন কালত জনসৰধাৰণে যিদৰে নিৰাপত্তা পাব লাগিছিল সেয়া পোৱা নাছিল । কিন্ত আমাৰ অগপ চৰকাৰৰ দিনতহে সংখ্যালঘু ৰাইজে অধিক নিৰাপত্তা পাইছিল । এই সভাইতেই মকৰম আলী চৰকাৰকে আদি কৰি বিভিন্ন দলৰ প্ৰায় শতাধিক কৰ্মীয়ে অগপত যোগদান কৰে । উক্ত সভাতেই সভানেত্ৰী মামনি বৰাই ৮৫নং শিলপুখুৰী পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী মুছলেহফুল আহমেদ আৰু আঞ্চলিক সদস্য হুছেইন মহম্মদ আশ্বাদক বিপুল ভোটেৰে জয়ী কৰি নিয়াৰ বাবে ৰাইজক আহ্বান জনায় । উক্ত সভাত অগপৰ নেত্ৰী অজন্তা সোনোৱাল, সমষ্টি কমিটি সহ‌-সম্পাদক ৰিয়াজ উদ্দিন আহমেদ,সমষ্টি কমিটি আৰু আঞ্চলিক কমিটিৰ বিষয়- ববীয়া সকলৰ লগতে সমিষ্টিৰ প্রায় সহস্ৰাধিক অগপ সমৰ্থক উপস্থিত আছিল ।