কুন্দন ভৰালী

নগাঁও

৭ মাৰ্চ

নাচি বাগি সমষ্টিত প্ৰদাৰ্পন কৰিলে আঙুৰলতা ডেকাই। দ্বিতীয়বাৰৰ বাবে টিকট লাভ কৰি উৎফুল্লিত বটদ্ৰৱাৰ বিজেপি বিধায়িকা গৰাকী। বটদ্ৰৱাত পুনৰ পদুম ফুলিব বুলি দাবী আঙুলিয়তা ডেকাৰ। কংগ্ৰেছ আৰু এআইইউডিএফ মিত্ৰতাই বটদ্ৰৱাত এইবাৰ পদুম ফুলিবলৈ দিব নে নাই এইয়া সময়তে পৰিলক্ষিত হ’ব।

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা। শাসকীয় দলটোৰ তালিকা প্ৰকাশৰ পিছতে দলটোৰ মাজত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। এফালে যদি টিকট লাভৰ পৰা বঞ্চিত প্ৰাৰ্থীয়ে দলটো ত্যাগ কৰি নিৰ্দলীয় অথবা অন্য দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হবলৈ প্ৰস্তুতি চলাইছে আনফালে আকৌ টিকট লাভ কৰা প্ৰাৰ্থী সকলে নাচি বাগি, বিশাল সমদল উলিয়াই সমষ্টিত প্ৰদাৰ্পন কৰিছে। দেওবাৰে বিজেলি দলৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ টিকট লাভ কৰি নাচি বাগি সমষ্টিত উপস্থিত হল বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা।অফুৰন্ত আনন্দ উল্লাখৰ মাজেৰে আংগুৰলতা ডেকা টিকট লৈ নিজ সমষ্টিলৈ ঘূৰি আহোঁতে নাচি বাগি মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ইফালে সমষ্টিবাসী ৰাইজে আংগুৰলতা ডেকাক ধূপ চাঁকি জ্বলাই ঢোলে দগৰে বেনপাৰ্টিৰ লগতে ফটকা ফুটাই সমষ্টিত আদৰণি জনায়। বটদ্ৰৱাত গুৰুজনাৰ আৰ্শীবাদ আছে আনহাতে বিৰোধী দলৰ কংগ্ৰেছৰ মিত্রজোঁটৰ প্ৰাৰ্থী সীবামণি বৰা জয়ী হ’ব নোৱাৰে আৰু দিনজোৰা কাৰ্যসূচীত সমষ্টিৰ ঐতিহ্যমণ্ডিত স্থান সমূহত যোৱা কথা কয় বিধায়িকা আঙুৰলতা ডেকাই। উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আঙুৰলতা ডেকাই ৫,৮৮৫ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰিছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আঙুৰলতা ডেকাই লাভ কৰিছিল মুঠ ৪৬,৩৪৩ টা ভোট, কংগ্ৰেছৰ প্ৰাৰ্থী গৌতম বৰাই ৪০,৪৫৮ টা ভোট লাভ কৰি আছিল দ্বিতীয় স্থানত আনহাতে এআইইউডিএফৰ প্ৰাৰ্থী নাজিৰ-উদ্দিন আহমেদে ৩৩,০২২ টা ভোট লাভ কৰি তৃতীয় স্থান আছিল।

এইবাৰ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মাজত মিত্ৰতাৰ বাবে দুয়ো দলে বটদ্ৰৱা সমষ্টিত এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সীবামণি বৰা হৈছে এইবাৰ বটদ্ৰৱাত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্রজোঁটৰ প্ৰাৰ্থী। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ টিকট লাভৰ আজিৰ উৎসাহ উদ্দীপনা কিমান দূৰ সফল হ’ব সেয়া পৰবৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।