কুন্দন ভৰালী

নগাঁও

৭ মাৰ্চ

বটদ্ৰৱত আঙুৰলতা ডেকাৰ লগত যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে শিৱামনী বৰা। দেওবাৰে টিকট লাভ কৰি বটদ্ৰৱৰ দুই মহিলা প্ৰাৰ্থী উপস্থিত হ'”ল সমষ্টিত। বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা দলীয় কর্মী আৰু সমৰ্থকৰ লগত নাচি বাগি সমষ্টিত প্ৰদাৰ্পন কৰিলে। পিছ পৰি নাথাকিল কংগ্ৰেছ মহাজোঁট প্ৰাৰ্থী শিৱামনী বৰা। বিশাল ৰেলীৰে টিকটলৈ সমষ্টিত আহিলে শিৱামনী বৰা।

নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিত শিৱামনী বৰাই কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীত্ব লাভৰ পিছতেই দেওবাৰে এক বিশাল ৰেলীৰে সমষ্টিত উপস্থিত হয়। নাচি বাগি আনন্দ উল্লাসেৰে দলীয় কৰ্মী আৰু সমৰ্থক সকলে বাৰপূজিয়া চাৰিআলিৰ পৰা সমষ্টিলৈ আদৰি আনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনী বৰাক। বটদ্ৰৱা সমষ্টিত শিৱামনী বৰাই টিকট লাভ কৰাত সমষ্টিটোৰ বিভিন্ন প্রান্তৰ পৰা অহা দলীয় কৰ্মী আৰু সমৰ্থক সকলৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। দলীয় কর্মী আৰু সমৰ্থক সকলে নাচি বাগি, নাম গুণ গাই, ঢোলে দগৰে শিৱামনী বৰাক সমষ্টিত আদৰণি জনায়। বটদ্ৰৱাৰ দৰে ঐতিহাসিক সমষ্টিত কংগ্ৰেছ মহাজোঁটৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে শিৱামনী বৰাই। বটদ্ৰৱাৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো চুবুৰীত শিৱামনী বৰাই প্ৰাৰ্থীত্ব লাভৰ পিছত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। সমষ্টিত প্ৰদাৰ্পন কৰিয়ে শিৱামনী বৰাই পোনে পোনে গুৰুজনাৰ জন্মস্থান বৰদোৱা থানত প্ৰৱেশ কৰি গুৰুজনাৰ আশীষ লৈ আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ।

দেওবাৰে সমষ্টিটোৰ বিজেপি দলৰ মহিলা প্ৰাৰ্থী তথা বর্তমানৰ বিজেপি দলৰ বিধায়িকা আঙুৰলতা ডেকাই প্ৰাৰ্থীত্ব লাভ কৰি সমষ্টিত নাচি বাগি উপস্থিত হয়। আঙুৰলতা ডেকাই দ্বিতীয়বাৰৰ বাবে বিজেপি দলৰ পৰা বটদ্ৰৱা সমষ্টিৰ টিকট লাভ কৰিছে। সমষ্টিটোত দুই মহিলা প্ৰাৰ্থীৰ দলীয় কর্মী আৰু সমৰ্থকৰ আনন্দ উৎসাহ দেখি অনুমান কৰিব পাৰি যে এইবছৰ বটদ্ৰৱাত দুই মহিলা প্ৰাৰ্থীৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ’ব। পিছে শেষ হাঁহি কোনে মাৰিব ইয়াৰ উত্তৰ ফলাফলৰ দিনাই দেখিবলৈ পোৱা যাব।