মানকাচৰ 

৭ মার্চ

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযান। অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। বাংলাদেশৰ পৰা কাইঁটীয়া তাঁৰৰ বেৰৰ ওপৰেদি লোকজন ভাৰতত প্ৰৱেশ কৰিছিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ বেহুলাচৰ গাঁৱত শনিবাৰে নিশা আৰক্ষী আৰু বি এছ এফৰ এটা দলে অভিযান চলাই এজন বাংলাদেশী নাগৰিকক আটক কৰে। বাংলাদেশৰ পৰা কাইঁটীয়া তাঁৰৰ বেৰৰ ওপৰেদি লোকজন ভাৰতত প্ৰৱেশ কৰাৰ খবৰ আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি আৰক্ষী-আৰু বিএছএফে যৌথভাৱে অভিযান চলায়। অভিযানত বাংলাদেশী নাগৰিক জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটক কৰা বাংলাদেশী নাগৰিক জন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বেহুলাচৰ গাঁৱৰ প্ৰয়াত আফচাৰ আলী মণ্ডলৰ পুত্ৰ আব্দুল হাই বুলি জানিব পৰা গৈছে। মানকাচৰ আৰক্ষী থানাত বাংলাদেশী নাগৰিক জনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলোৱাৰ পিছত ইতিমধ্যে বাংলাদেশী নাগৰিক জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে বাংলাদেশী নাগৰিক জন অসমলৈ প্ৰৱেশ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি কাৰণত তেওঁ অসমলৈ আহিছে সেয়া আৰক্ষীয়ে এতিয়ালৈ তথ্য সদৰি কৰা নাই যদিও এই ঘটনাৰ দ্বাৰা বিএছএফে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি তাক লৈ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।