নাজিৰা ১৭ জুলাইঃ নাজিৰা মহকুমা ভাৰতীয় জনতা যুৱ মৰ্চাই ৰাজপথত বান সাহাৰ্য সংগ্ৰহ কৰে। যুৱ মৰ্চাৰ তৰফৰ পৰা গৌতম সন্দিকৈৰ নেতৃত্বত কেবাজনো যুৱ কৰ্মীয়ে  নাজিৰাৰ বিভিন্ন স্থানৰ লগতে মেকিপুৰ সাপ্তাহিক বজাৰত বানপানীৰ আৰ্ত জনৰ সহায়ৰ বাবে হাতত দান পাত্ৰ লৈ বজাৰৰ প্ৰতিজন বিক্ৰেতা আৰু গ্ৰাহকৰ পৰা দান সংগ্ৰহ কৰে। বানক্ৰান্তক সাহাৰ্যৰ্থে নাজিৰাৰ প্ৰতিজন ব্যক্তিয়ে সাধ্যনুসৰে সাহাৰ্য আগবঢ়াইছে বুলি সাহাৰ্য সংগ্ৰহকাৰী দলটোৱে জানিবলৈ দিয়ে। দলটোৱে মাজুলীৰ বানপানীত ক্ষতিগ্ৰস্তকো বান সাহাৰ্য আগবঢ়াব বুলি জানিবলৈ দিয়ে।