বাঘবৰ, ১৬ জুলাইঃ বাঘবৰ সমষ্টিৰ মিলিজুলি আৰু ৰাজীৱ নগৰৰ স্থানীয় লোকে গাঁঠিৰ ধনেৰে সাজিলে এক ব্যতিক্ৰমী বাঁহৰ সাঁকো। উল্লেখযোগ্য যে, সমষ্টিটোৰ মৰাভাজৰ পৰা মন্দিয়ালৈ যোৱা ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিন ধৰি পথাচাৰীক জলা-কলা খোৱাইছে।  স্থানীয় লোকে বাৰম্বাৰ স্হানীয় বিধায়ক শ্বেৰমান আলী আৰু পঞ্চায়তৰ প্ৰতিনিধি সকলে অৱগত কৰিছে। কিন্তু স্হানীয় বিধায়ক তথা পঞ্চায়তৰ প্ৰতিনিধি সকলে পথটোৰ মেৰামতিৰ কাৰণে কোনো গুৰুত্ব নিদিয়াত বাঘবৰৰ মিলিজুলি, ৰাজীৱ নগৰৰ ৰাইজে নিজৰ গাঁঠিৰ ধনৰ লগতে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি সাজি উলিয়ালে দুয়োফালে ৰেলিং থকা বাঁহৰ সাঁকো। এই বাঁহৰ সাঁকোৱে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়িক লোকৰ লগতে বিভিন্ন কাৰণত দৈনন্দিন যাতায়ত কৰা লক্ষাধিক ৰাইজৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে। বিদ্ধস্ত পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ স্থানীয় লোকে বিধায়ক শ্বেৰমান আলি আৰু জিলা প্ৰশাসনক দাবী জনাইছে।