মুকালমুৱা, ১৭ জুলাইঃ বৰক্ষেত্ৰীৰ মুগদিত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে পঞ্চায়ত কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰাপ্ত তথ্য মতে, মুগদি-ৰামপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী খৰ্গেশ্বৰী বড়োৱে যিকোনো চৰকাৰী অনুদানৰ বাবদ হিতাধিকাৰীৰ পৰা ধন দাবী কৰি আহিছিল৷ বড়োৰ এই দুৰ্নীতিত অতিস্থ হৈ প্ৰায় ছয় শতাধিক স্থানীয় লোকে পঞ্চায়ত কাৰ্য্যালয়টো ঘেৰাও কৰে৷ প্ৰতিবাদকাৰী জনতাই পঞ্চায়ত কাৰ্য্যালয়ৰ কোঠাত সভানেত্ৰী গৰাকীক তলা বন্ধ কৰি বৰক্ষেত্ৰী আৰক্ষীৰ সম্মুখতে কাৰ্য্যালয়ৰ আঁচ-বাব ভাঙি চূৰমাৰ কৰে৷ অৱশেষত সভানেত্ৰীয়ে ৰাজহুৱাভাবে ক্ষমা বিচৰাত পৰিষ্ঠিত শান্ত হয়৷ বৰ্তমান মুকালমুৱা আৰক্ষীয়ে সভানেত্ৰী খৰ্গেশ্বৰী বড়োক নিৰাপত্তাৰ কাৰণে মুকালমুৱা আৰক্ষীয়ে থানালৈ আনে৷ আনহাতে ক্ষুদ্ধ জনতাই বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনকো কঠোৰ ভাষাৰে সমালোচনা কৰি আগন্তক পঞ্চায়ত নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে৷