সংবাদ ৩৬৫ ডেস্ক, ১২ জুনঃ পৃথক কমতাপুৰ আৰু কোঁচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাব পৰিছে নামনি অসমৰ বিভিন্ন প্ৰান্তত। বৰপেটাৰ সৰভোগ, বিটিএডিৰ  গোসাইগাঁও, বিজনী, গোৰেশ্বৰ, শ্ৰীৰামপুৰৰ বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়৷ সৰভোগত চৰকাৰী কাৰ্য্যালয়, বেংক, শিক্ষানুষ্ঠান, হাট-বজাৰ, ব্যৱসায়-প্ৰতিষ্ঠান আদিৰ লগতে সকলো গাড়ী-মটৰৰ চলাচল বন্ধ থাকে। সৰভোগত বন্ধৰ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই৷ আনহাতে বিটিএডিৰ  গোসাইগাঁও, বিজনী, গোৰেশ্বৰ, শ্ৰীৰামপুৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে। বিটিএডিৰ বিভিন্ন স্থানত ৰে’লপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ ফলত গোসাইগাঁও, শ্ৰীৰামপুৰ ষ্টেচনত আৱদ্ধ হৈ পৰে কেইবাখনো ৰে’ল। বিশেষকৈ শ্ৰীৰামপুৰত বন্ধ সমৰ্থকে  এজন অটো চালকক মাৰপিটো  কৰে৷ অৱশ্যে ঘটনাস্থলীত চি আৰ পি এফৰ দল উপস্থিত হোৱাত বন্ধ সমৰ্থকসকলে পলায়ন কৰে।