মানিকপুৰ, ১২ জুনঃ বঙাইগাঁওৰ মানিকপুৰত প্ৰেম প্ৰত্যাখ্যান কৰাৰ কাৰণে  প্ৰেমিকে প্ৰেমিকাৰ গাত পেট্ৰ’ল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰেমিকাক হত্যাৰ চেষ্টা কৰা প্ৰেমিক সুমিত সাহাই দীৰ্ঘদিন ধৰি বৰপেটা ৰোডৰ নিশা বৰ্মণক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল৷ কিন্তু যুৱতী গৰাকীয়ে প্ৰেম প্ৰত্যাখান কৰাৰ বাবে প্ৰেমিকে জ্বলাই হত্যাৰ চেষ্টা কৰে৷ যুৱতীগৰাকীয়ে মানিকপুৰ অহাত সুমিতে ৰাষ্ট্ৰীয় ঘাইপথত সুযোগ বুজি প্ৰথমে পেট্ৰ’ল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰে। যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰি ওচৰৰে পুখুৰীত নামি যায়৷ স্হানীয় ৰাইজে অগ্নিদগ্ধ যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি পানীৰ পৰা উঠাই মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। জানিব পৰা মতে, সুমিত সাহা বৰপেটাৰ হাউলীৰ শংকৰ সাহাৰ পুত্ৰ৷ যুৱতীগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও সুমিতে বাইকলৈ পলায়ন কৰে। ছোৱালী জনীৰ দুয়োখন হাত আৰু শৰীৰৰ বহু অংশ অগ্নিদগ্ধ হৈছে। বৰ্তমান ছোৱালীজনীক উন্নত চিকিৎসাৰ বাবে ফকৰ উদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষক মানিকপুৰ চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে৷