গুৱাহাটী, ১৩ জুনঃ যোৱা কিছুদিন ধৰি বৃদ্ধি পোৱা গৰমৰ প্ৰকোপৰ পৰা দেওবাৰে অহা এজাক বৰষুণে মহানগৰীবাসীক কিছু সকাহ দিয়ে যদিও দেওবাৰৰ নিশাৰ ভাগৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বা়নত ডুব যায় মহানগৰীখনক। মহানগৰীৰ বিভিন্ন স্থান জলমগ্ন হৈ পৰে কৃত্ৰিম বানৰ ফলত। গানেশগুৰি, ছয়মাইল, লাচিত নগৰ, বেলতলা, উদালবক্ৰাৰ বিস্তীৰ্ণ অঞ্চল ককবকাইছে কৃত্ৰিম বানত। বিভিন্ন ঠাইত ৰাজপথত ওপৰৰে বৈছে একআঁঠু পানী। জলমগ্ন ৰাজপথত বহুতো যান-বাহন বিকল হোৱাৰ লগতে ঘন্টাৰ পিছত ঘন্টা ধৰি আবদ্ধ হৈ থকাও পৰিলক্ষিত হয়। প্ৰতিবাৰৰ দৰে এইবাৰো একে পৰিস্থিতি দেখিবলৈ পোৱা গল অনিল নগৰ আৰু নবীন নগৰত। একঁকাল পানীত আকৌ ডুবিল অনিল নগৰ আৰু নবীন নগৰ। কৃত্ৰিম বান পানীৰ পৰা অনিল নগৰ আৰু নবীন নগৰক মুক্ত কৰাৰ প্রশাখনৰ প্ৰতিসূতিৰ ফোপোলাস্বৰূপ আকৌ এবাৰ  উদঙাই দিলে এইজাক বৰষুণে। কৃত্ৰিম বানৰ ফলত ঘৰ এৰি বেলেগত থিতাপি লবলৈ বাধ্য হল অনিল নগৰ, নবীন নগৰৰ বহু কেইটা পৰিয়াল। যোৱা কংগ্ৰেছ চৰকাৰখন অনিল নগৰ, নবীন নগৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান ব্যৰ্থ হোৱাত এই অঞ্চলৰ বাসিন্দাই বিজেপি চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছিল। কিন্ত এই চৰকাৰখনৰ প্ৰতিও মোহভংগ হৈছে অনিল নগৰ, নবীন নগৰবাসীৰ।