গোলাঘাট, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন ফৰকাটিং আঞ্চলিক সমিতি আৰু প্ৰগতি মহিলা সমিতিয়ে সোমবাৰে গোলাঘাট জিলাৰ ফৰকাটিং চাৰিআলিৰ পৰা ফৰকাটিং জংচনলৈ এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সকলে অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মহিলা সবলীকৰণ কথা কৈ “বেটী বচাও, বেটী পঢ়াও” শ্লোগান দিয়ে যদিও সেয়া মাথো কাগজে কলম আৰু প্ৰচাৰ মাধ্যমতহে সীমাবদ্ধ হৈ আছে। ৰাজ্যখনত দৈনিক নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে ঘটনা পাইকাৰী হাৰত বৃদ্ধি পাইছে। এই দুয়োটা বিষয়তে চৰকাৰে তাৎক্ষণিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে। চৰকাৰ এই ব্যৰ্থতাৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন আৰু ফৰকাটিং প্ৰগতি মহিলা সমিতিয়ে গ্ৰামীণ মহিলা সংঘ আৰু স্থানীয় ৰাইজে এক সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সকলে নাৰীক সুৰক্ষা প্ৰদান কৰা, ধর্ষণকাৰীক ফাঁচী দিয়া, অতি শীঘ্ৰে অসম মহিলা বিশ্ববিদ্যালয়ত এগৰাকী স্থায়ী উপাচাৰ্য নিযুক্তি দিয়া, বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁঠনি শীঘ্ৰে উন্নীত কৰি পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্যদা দিয়া, নাৰী নিৰ্যাতন ৰোধ কৰিব বাবে তাৎক্ষণিত ভাৱে ল’ব পৰা কাৰ্যকৰী নিৰাপত্তা ব্যৱস্থা প্ৰবৰ্তন কৰা, নিৰ্যাতনকাৰী তাৎক্ষণিক শাস্তিৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এআইএছএফৰ আঞ্চলিক সভাপতি মুজাকিৰ হুছেইন, সম্পাদক বিতোপন হাজৰিকা আৰু উপসভাপতি ৰাহুল বুঢ়াগোঁহাইৰ নেতৃত্বত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত এআইএছএফৰ গোলাঘাট জিলা সভাপতি যদু বৰা, সম্পাদক অভিজিৎ দুৱৰা, উপসভাপতি অভিলাষ নেওগ, মহিলা সমিতি আৰু মহিলা সংঘৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।