গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিয়োগোম বিত্তীয় কেলেংকাৰীৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে এইবাৰ চিআইডি’ক। নামঘৰ পুনৰ নিৰ্মাণৰ সময়ত চৰকাৰী পূঁজিৰ ব্যাপক অপব্যৱহাৰ আৰু আৱন্টিত পূঁজি আত্মসাৎ কৰা সন্দৰ্ভত ২০১৩ আৰু ২০১৪ বৰ্ষত পঞ্জীভূত মুঠ পাঁচটা গোচৰ সন্দৰ্ভত তদন্ত চলাব চিআইডি’য়ে। মঙলবাৰে নামঘৰ পুনৰ নিৰ্মাণৰ সময়ত চৰকাৰী পূঁজিৰ ব্যাপক অপব্যৱহাৰ আৰু আত্মসাৎৰ সন্দৰ্ভত চৰজমিন তদন্তৰ স্বাৰ্থত চিআইডি’ৰ এটা দুজনীয়া দল উপস্থিত হয় নামঘৰ চৌহদত। চিআইডি’ৰ দলটোৱে নামঘৰ পৰিচালনা সমিতিৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নথি পত্ৰসমূহ নিৰিক্ষণ কৰে। ঐতিহ্যমণ্ডিত নামঘৰটোৰ পুণৰ নিৰ্মাণৰ সময়ত সৰ্বমুঠ ১ কোটি ২৫ লাখ টকাৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি স্থানীয় তিনিজন ব্যক্তি ক্ৰমে হৰেন বৰা, দিলীপ শইকীয়া আৰু নৰেন বৰাই গোচৰ তৰিছিল। এই বিত্তীয় কেলেংকাৰীৰ সৈতে সেই সময়ৰ নামঘৰ পৰিচালনা সমিতিৰ সদস্য কেইজনমানৰ লগতে সাঙোৰ খাই পৰিছিল অজন্তা নেওগৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা অজিত বৰুৱাৰ নামো। গোলাঘাট আৰক্ষীয়ে গোচৰ নং ৬৭/২০১৪, ৬৮/২০১৪, ৯৩/২০১৪, ৯৪/২০১৪ ৰ সন্দৰ্ভত দুবাৰকৈ তদন্ত চলাইছিল যদিও আৰক্ষীৰ তদন্তত সন্তুষ্ট নহৈ সত্ৰ ন্যায়াধীশৰ আদালতে পৰবৰ্তী সময়ত গোচৰকেইটা চিআইডি’ক অৰ্পণ কৰিছিল। উল্লেখ্য যে, চিআইডি’ৰ তদন্ত সঠিক ৰূপত আগবাঢ়িলে গোলাঘাটৰ তদনান্তিন তিনিজনকৈ উপায়ুক্তও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে চিআইডি’ৰ বিষয়াই।