গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ: বৃহস্পতিবাৰে বিধানসভাৰ পৰা আহিল এক সুখবৰ। যোৰহাটস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ প্ৰকৃত মৰ্যাদা কৰ্তন কৰি মহিলা উচ্চ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হয়। ইয়াৰ লগতে বুধবাৰে বিধানসভাতো এই প্ৰসংগক লৈ শাসক আৰু বিৰোধী দলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সদনত মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰাৰ পিছতে শাসক আৰু বিৰোধী দলৰ বিধায়কসকলৰ মাজত তৰ্ক-বিতৰ্ক হোৱাত সদনত অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনে সংবাদকৰ্মীসকলৰ আগত মন্তব্য প্ৰকাশ কৰে যে যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব চৰকাৰে। প্ৰাক্তন বন মন্ত্ৰীজনে লগতে কয় যে বিধানসভাৰ আজিৰ দিনটো আমাৰ বাবে স্মৰণীয় দিন। কাৰণ আমাৰ বাবেই মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ বাধ্য হ’ল চৰকাৰ। এই জয়ক অসমবাসীৰ জয় আখ্যা দিছে কৎগ্ৰেছ নেতৃত্বই।