গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ : বুধবাৰে দীঘলী পুখুৰীৰ পাৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে এক প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰে।

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক কমিটিয়ে ৰাইজৰ জীৱন-জীৱিকাৰ ওপৰত বাঢ়ি অহা আক্ৰমণ আৰু নিৰাপত্তাহীনতাত গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰে।

যোৱা ৪ মাৰ্চত হোজাই জিলাৰ নিখুটি ২ নং চাৰ্কেবস্তি অঞ্চলত উচ্ছেদ কাৰ্যৰ প্ৰতিবাদ কৰাৰ ফলত সন্তান সম্ভৱা কুলচুমা বেগমক নিৰ্মমভাৱে পুলিচে লাঠীচালনাৰ ফলত মৃত্যু হোৱা ঘটনাটোত দোষীৰ শাস্তিৰ দাবী তোলে মহিলা সমিতিয়ে।

আনহাতে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ বান-গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ অথবা জীৱিকাৰ তাড়নাত চৰকাৰী ভূমিত আশ্ৰয় লোৱা লোকসকলক চৰকাৰে বাসস্থানৰ ব্যৱস্থা নকৰি নিৰ্মমভাৱে বাৰে বাৰে উচ্ছেদ কৰি আহিছে । এইধৰণৰ বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰিবলৈ, চৰকাৰী ভূমিত দীৰ্ঘদিন বসবাস কৰা লোকক স্থায়ী বাসস্থানৰ ব্যৱস্থা কৰাৰ লগতে বস্তি অঞ্চলত আৱাসৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

ফেব্ৰুৱাৰী মাহত যোৰহাট, গোলাঘাট জিলাত বিষাক্ত চুলাই মদ খাই শতাধিক মানুহ মৃত্যু হোৱাৰ ঘটনাটোক লৈ চুলাই মদৰ ব্যৱসায় বন্ধ কৰিবলৈও আহ্বান জনাই মহিলা সমিতিয়ে লগতে বিষাক্ত মদ খাই মৃত্যু হোৱা মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে।

আনহাতে ,উক্ত প্ৰতিবাদী কাৰ্যসূচীতে আৰক্ষী উপায়ুক্তৰ জৰিয়তে উক্ত দাবীবোৰ কাৰ্যকৰী কৰিবলৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে মহিলা প্ৰতিবাদী দলটোৱে।