গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : ১৯৪৩ চনতে মুম্বাই নগৰীত দেশত বৃটিছৰ বিৰূদ্ধে চলা উত্তাল ভাৰত ত্যাগ আন্দোলনৰ সময়ত কে এ আব্বাছ, ডঃ ভাবা, চৰ্দাৰ জাফ্ৰি আদি এইসকল বৰেণ্য ব্যক্তিসকলে প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় গণ নাট্য সংঘ। অসমতো স্বাধীনতাৰ পূৰ্বে ১৯৪৭ চনত শিলচৰ নগৰীত অনুষ্ঠিত হয় গণনাট্য সংঘৰ প্ৰথম প্ৰাদেশিক সন্মিলন।

ঐতিহাসিক, সামাজিক তথা ৰাজনৈতিক ভূমিকাৰে গৌৰৱোজ্জ্বল ভাৰতীয় গণ নাট্য সংঘৰ ৭৫ বছৰ উদযাপনৰ বাবে অহা ৩০ মাৰ্চ শনিবাৰে বিয়লি ৪.৪৫ ৰ পৰা নিশা ৮ বজালৈকে মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচী অনুসৰি প্ৰেক্ষাগৃহৰ সন্মুখৰ লবীত অনুষ্ঠিত হব মুক্তাঙ্গন অনুষ্ঠান। এই অনুষ্ঠান আৰম্ভ হব ডঃ ভূপেন হাজৰিকাৰ “নামি অহা সুন্দৰৰে সেনা শিল্পী দল” শীৰ্ষক সমবেত গীতেৰে।

উক্ত অনুষ্ঠানত কবিতা পাঠ কৰিব প্ৰণৱ কুমাৰ বৰ্মনে। সন্ধিয়া ৬ বজাৰ পৰা উক্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হব সম্বৰ্ধনা অনুষ্ঠান, গণ সংগীতৰ বাণীবন্ধন ৰূপ আৰু গণ নাট্য সংঘ, ভূপেন হাজৰিকাৰ “পানেইৰ পোনাকণৰ ” দৃশ্যৰূপ পৰিবেশন আৰু সংঘৰ গুৱাহাটী শাখাৰ উদ্যোগত তথা কণ্ঠশিল্পী তৰালী শৰ্মাৰ পৰিচালনাত অসমৰ বাৰে ৰহনীয়া জাতি জনগোষ্ঠীৰ গীত, মাত, নৃত্যৰ বিশেষ অনুষ্ঠান লোকমন্থন।