গুৱাহাটী, সংবাদ ৩৬৫, ৬ আগষ্টঃ কৰ্মসংস্থাপনৰ বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকল যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতী সকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ। মহানগৰীৰ জ্যোতিকুচীত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উদ্দেশ্যে সোমবাৰে উদ্ধোধন কৰে ‘পিংকিছ মেকঅপ ষ্টুডিও’। পিংকিছ মেকঅপ ষ্টুডিওত পিংকি ভট্টই অতি কম খৰচত যুৱতী-মহিলা সকলক মেকঅপ কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। কম খৰচত মহিলা সকল মেকঅপ প্ৰদান কৰা আৰু যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ইয়াৰ নিবনুৱা যুৱতী সকলক প্ৰদান কৰা হ’ব মেকঅপৰ প্ৰশিক্ষণ। পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতী সকলক বিভিন্ন ধৰণৰ মেকাঅপৰ প্ৰশিক্ষণ দিয়া হ’ব যতে তেওঁলোকে স্বাৱলম্বী হ’ব পাৰে পিংকি ভট্টই লগতে কয় যে পিংকিছ মেকঅপ ষ্টুডিও আজি উদ্ধোধন কৰিবলৈ সক্ষম হোৱাৰ পিছৰ ব্যক্তিজন হল তেওঁৰ স্বামী ৰিহান ভট্ট। স্বামী ৰিহান ভট্টৰ সহযোগিতাই তেওঁক উৎসাহিত কৰি অহাৰ ফলতে আজি পিংকিছ মেকঅপ ষ্টুডিওই জন্ম লাভ কৰে।