শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৬ আগষ্ট: মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত
কনকলতা মহিলা সৱলীকৰণ আচনিৰ অধীনত যোৱা ইংৰাজী ৫ আগষ্ট তাৰিখে শিৱসাগৰ উন্নয়ন খণ্ডৰ অধীনৰ মুঠ ১১৪ টা আত্মসহায়ক গোটক সজাগতা আৰু ঘূৰ্ণীয়মান পূজিৰ অনুমোদন পত্ৰ বিতৰণ কৰে।স্থানীয় শিমলুগুৰি অঞ্চলৰ মণিপুৰী কলা কৃষ্টি কেন্দ্ৰত অনুস্থিত হোৱা অনুমোদন পত্ৰ বিতৰণ অনুস্থানত উপস্থিত থাকি ভাষণ প্ৰস্ংগত মাহমৰা বিধায়ক যোগেন মহনে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰে বিভিন্ন বিভাগৰ চৰকাৰী আচনি সমুহৰ জৰিয়তে মহিলা সৱলীকৰণৰ উপৰত গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰে।অনুষ্ঠানত উপস্থিত থকা মহিলা আত্মসহায়ক গোটৰ সদস্য সকলক উদ্দেশ্যি বিধায়ক মহনে এই আচনি সমুহৰ বিষয়ে সবিশেষ তথ্য আহৰণ কৰি আচনি সমুহৰ সুফল লাভ কৰাৰ লগতে আন আন মহিলা গোট সমুহকো এই আচনি সমুহৰ বিষয়ে অৱগত কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিবলৈ আহ্বান জনাই।
অন্যহাতে অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাই বিভিন্ন আত্মসহায়ক গোটক কম পৰিসৰেৰে আৰম্ভ কৰি প্ৰনালীবদ্ধ ভাৱে কৃষি কাৰ্য্য তথা পশুপালন আদিত আত্মনিয়োগ কৰি গ্ৰাম্য অৰ্থনীতি সৱল কৰিবলৈ আহ্বান জনাই।
উল্লেষযোগ্য যে শিৱসাগৰ উন্নয়ন খণ্ডৰ অধীনৰ ১০১৩ টা আত্মসহায়ক গোটৰ ভিতৰত কালি অনুদান পত্ৰ বিতৰণ অনুস্থানত মুঠ ৫২ টা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ আৰু মুঠ ৬২ টা আত্মসহায়ক গোটক ১০ হাজাৰ টকাকৈ সজাগতা আৰু ঘূৰ্ণীয়মান পূজিৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।
উক্ত অনুমোদন পত্ৰ বিতৰণ অনুস্থানত মাহমৰা বিধায়ক আৰু নাজিৰাৰ মহকুমাধিপতিৰ উপৰিও উপস্থিত থাকি অংশগ্ৰহণ কৰে শিৱসাগৰ খণ্ড উন্নয়ন বিষয়া গীতামণি বুঢ়াগোহাই, জনস্ংযোগ বিষয়া জয়ন্ত মাউত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শিৱসাগৰ জিলা প্ৰকল্প প্ৰৱন্ধক ডা° সুৰজ জ্যোতি গগৈ, স্থানীয় সমাজকৰ্মী ডা° প্ৰবীণ কোৱৰ, ময়ুৰ বৰগোহাই আদি বিশিষ্ট ব্যক্তি সকলে।