শিৱসাগৰ, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ: শনিবাৰে শিৱসাগৰৰ গৌৰীসাগৰৰ দিচিয়ালত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। ছুইফট ডিজায়াৰ(এ এছ০১ কিউ-৯৭৮৮) গাড়ীসহ দিখৌ নৈত ডুবিল হৰেন বৰা (পেছাত গাড়ী ব্যৱসায়ী) আৰু তেওঁৰ পত্নী ফুনু বৰা (খাদী বৰ্ডৰ কৰ্মচাৰী), দুই কন্যা চিম্পি বৰা (ইউ এছ টি এমৰ এম চি এ ছাত্ৰী) আৰু মুনমী বৰা (শংকৰদেৱ একাডেমীৰ বিজ্ঞান শাখাৰ ছাত্ৰী), আৰু তেওঁৰ মাতৃ পনৌ বৰা। জানিব পৰামতে মহানগৰীৰ জয়ানগৰত ভাৰতীয়া হিচাপে থকা হৰেন বৰাৰ পৰিয়ালটোৱে বৰাৰ অসুস্থ মাতৃক চিকিৎসা কৰাবৰ বাবে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ বুলি আনিব গৈছিল। উল্লেখ্য যে হৰেন বৰাৰ পৰিয়ালটোৱে শনিবাৰে বৰাৰ ভগ্নীৰ ঘৰলৈ যোৱাৰ পথতেই দিখৌ নৈৰ মাথাউৰীত উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীসহ দিখৌ নৈত ডুব যায় পৰিয়ালটোৰ আটাইকেইজন সদস্য। এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত এছ ডি আৰ এফ-এন ডি আৰ এফ বাহিনীয়ে শনিবাৰে নিশা বহু পলমকৈ উপস্থিত হৈ কিছু সময়ৰ বাবে চলাইছিল উদ্ধাৰ অভিযান। বিকল নাও লৈ আহি এছ ডি আৰ এফ-এন ডি আৰ এফ বাহিনীয়ে চৰম গাফিলটি কৰাৰ বাবে বৰ্তমানলৈ সন্ধানহীন হৈ আছে মৃতদেহকেইটা।