বৰঘোলা, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ২নং হালধীবাৰীত দেওবাৰে পুৱা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাস্তাৰ কাষতে থকা জংঘল ছাফা কৰি থাকোতে ৰাইজে উদ্ধাৰ কৰে পিষ্টল। উল্লেখ্য যে যোৱা ২৭ আগষ্টৰ নিশা ৭ মান বজাত ছফিকুল ইছলাম নামৰ এজন যুবকে হালধীবাৰী গাৱৰ হাৰেজ আলী নামৰ আন এজন যুবকক পিষ্টলেৰে গুলিয়াই হত্যাৰ চেষ্টা কৰিছিল। সৌভাগ্যক্ৰমে হাৰেজ আলী নামৰ যুবক জনৰ প্ৰান ৰক্ষা পৰে যদিও গুলি চালনা কৰিয়েই ছফিকুলে পলায়নৰ চেষ্টা কৰোতেই ৰাইজে দূৰ্বৃত্ত জনক আটক কৰে। পাছত ধৃত ছফিকুলে পিষ্টলটো দলিয়াই পেলাই দিয়ে। পিছ দিনা(২৮ আগষ্ট) ৰাতিপুৱা বৰঘোলা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছফিকুলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্ত আশ্চৰ্য্যজনক কথা হল ধৃত ছফিকুলৰ লগত পিষ্টলৰ বাকচ থকাৰ পিছতো আৰক্ষীয়ে ছফিকুলক চোৰ বুলি সন্দেহ কৰি তদন্ত নকৰাকৈয়ে ঘটনাস্থলীৰ পৰা গুচি যায়। ইফালে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক হৃদয় জিৎ বৰ্মণে উলটা সাংবাদিকক মিছা বাতৰি পৰিবেশন কৰা বুলি কটু সমালোচনা কৰিছিল। কিন্তু দেওবাৰে ৰাস্তাৰ জংঘল ছাফা কৰি থাকোতে ৰাইজে পিষ্টলটো উদ্ধাৰ কৰাত আৰক্ষীৰ গা এৰা দিয়া দায়িত্বৰ স্বৰূপ ওলাই পৰে বুলি ৰাইজে মত প্ৰকাশ কৰিছে।