আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২২ ছেপ্টেম্বৰ

পৰ্যটনৰ ভূ-স্বৰ্গ জয়সাগৰৰ পুখুৰীৰ অৱৰ্ণনীয় অৱস্থা৷ পথৰ দুৰৱস্থা, পুখুৰীৰ পাৰে পাৰে গজি উঠা হাবি-জংঘলৰ বাবেই আকৰ্ষণ কমিছে জয়সাগৰৰ৷ নিধিৰাম চৰ্দাৰ পুৰাতত্ব বিভাগ৷ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা ৰুদ্ৰসিংহৰ বৃহৎ প্ৰতিমুৰ্তি খহি পৰাৰ আশংকা৷

দেশৰ পৰ্যটন মানচিত্ৰত সগৌৰৱেৰে উজলি থকা ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰী এতিয়া কেনে আছে? ছশ বছৰীয়া আহোম ৰাজ শাসনৰ এক স্বৰ্ণীল অধ্যায় বুকুত নিৰৱে সাৱতি থকা জয়সাগৰ পুখুৰীৰ পাৰত এতিয়া নিৰৱে উচুপিছে মহাসতী জয়মতীয়ে৷ নিধিৰাম চৰ্দাৰৰূপী পুৰাতত্ব বিভাগৰ চৰম উদাহীনতা আৰু অৱহেলাৰ বাবেই এতিয়া অৱৰ্ণনীয় ৰূপ ধাৰণ কৰিছে এছিয়াৰ বিখ্যাত পুখুৰীটোৱে৷ নিৰ্লাভ জলৰাশীৰ পৰিৱৰ্তে এতিয়া পুখুৰীৰ বুকুত অপতৃৰ্ণৰ অৱাধ বেদখল৷ পুখুৰীটোৰ সুৰক্ষা বেষ্টনী স্বৰূপ পাৰৰ বিভিন্ন অংশ খহিবলৈ আৰম্ভ কৰিছে৷

১৬৯৬-৯৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰ সিংহই মাতৃ জয়মতীৰ স্মৃৰ্তি চিৰ যুগমীয়া কৰি ৰাখিবৰ বাবে খন্দুৱাইছিল এই সু-বিশাল পুখুৰীটো৷ ইয়াৰোপৰি উপাসনাৰ বাবে পুখুৰীৰ পাৰত জয়দল, খৰাদল আৰু দেৱীঘৰ নামেৰে তিনিটাকৈ উপাসনাগৃহ নিৰ্মাণ কৰিছিল, অৱশ্যে খৰাদল আৰু দেৱীদল বৰ্তমানে সেনা চি আৰ পিৰ জিম্মাত৷ আনহাতে ইতিহাস প্ৰসিদ্ধ পুখুৰীটোৰ উত্তৰ-পশ্চিম পাৰে ঘনশ্যাম দল আৰু ঘনশ্যামৰ ঘৰ নিৰ্মাণ কৰিছিল৷ পৰৱৰ্তী সময়ত আহোম ৰাজশাসনৰ বেলি মাৰ যোৱাৰ পিছতেই জয়সাগৰ হৈ পৰিছিল পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷ প্ৰতিদিনে শ শ পৰ্যটকৰ আকৰ্ষণৰ থলী জয়সাগৰ পুখুৰীৰ অনুপম সৌন্দৰ্য্য উপভোগ কৰিবলৈ এতিয়া পৰ্যটক আহিবলৈ ভয় কৰে৷ পুখুৰীৰ পশ্চিম আৰু দক্ষিণ পাৰৰ পথৰ অৱস্থা ইমানেই জৰাজীৰ্ণ যে পৰ্যটকে গাড়ী লৈ যোৱাটো বাদেই খোজ কাঢ়ি যাবলৈও সাহস নকৰে৷ পুখুৰীৰ পাৰত সৃষ্টি হৈছে শ শ প্ৰকাণ্ড গাঁতৰ৷ আনফালে পুখুৰীৰ উত্তৰ পাৰৰ এটা বৃহৎ অংশ সেনা, চি আৰ পিৰ দখলত থকাত কোনো পৰ্যটকক পুখুৰী পাৰৰ সেই স্থানত ভ্ৰমণ কৰাৰ অনুমতি প্ৰদান নকৰে সেনা আৰু চি আৰ পি এফে।

সাত মহীয়া লক ডাউনৰ পৰিপ্ৰেক্ষিত্বত জয়সাগৰ পখুৰীৰ চৌপাশ আৱৰি ধৰিলে হাবি জংঘলে৷ পুখুৰীটোৰ অন্তৰ্ভাগৰ পানীৰ পৰিমাণতকৈ অধিক অংশই এতিয়া জলজ উদ্ভিদৰ ডাঠ চামনি৷ একে সময়তেই স্থানীয় আৱাসীৰ পোহনীয়া গাহৰিয়ে খহাই আনিছে পাৰৰ বিভিন্ন অংশ৷ কাষত থকা কোটি টকীয়া ৰুদ্ৰ সিংহ উদ্যানখন এখন কৃত্ৰিম অৰণ্যলৈ ৰুপান্তৰিত হ’বলৈ ধৰিছে৷ উদ্যানৰ ভিতৰত থকা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বৃহৎ প্ৰতিমুৰ্তি এতিয়া ক্ষত বিক্ষত। যি কোনো মুহুত্বতেই খহি পৰিব পাৰে ৰুদ্ৰ সিংহৰ প্ৰতিমুৰ্তি৷ উদ্যানৰ ভিতৰৰ একেবাৰে পিছৰ অংশত থকা ঘনশ্যাম খনিকৰৰ মন্দিৰ আৰু ঘনশ্যামৰ গৃহ ৰূপান্তৰিত হৈছে এৰাবাৰীলৈ৷ ৰজাদিনীৰ দল আৰু গৃহৰ চৌপাশে এতিয়া ডাঠ হাবি৷

দুৰ্ভাগ্যজনক ভাৱে অসমীয়া জাতিৰ বাবে সাহস, প্ৰেৰণা, ত্যাগৰ প্ৰতীক মহাসতী জয়মতীৰ স্মৃৰ্তি বিজড়িত পুখুৰীটেৰ চাৰিওফালে আজিও নিৰ্মাণ নহ’ল পকীৰ চাৰি বেৰা, নহ’ল পুখুৰীটোৰ পাৰত বৈদ্যুতিকৰণ৷ নিশা হ’লেই অন্ধকাৰত ডুব যায় এছিয়াৰ বিখ্যাত পুখুৰীটো ফলত চৰকাৰী নিলিপ্ততা, উদাহীনতাৰ বাবেই ক্ৰমান্বয়ে জহি খহি যাবলৈ ধৰা জয়সাগৰ পুখুৰীৰ পাৰত এতিয়া নিশা হ$লেই ঘোপ মৰা অন্ধকাৰত নিৰৱে উচুপিয়াই মহাসতী জয়মতীয়ে৷ ৰুদ্ৰসিংহ উদ্যানত বাহ লোৱা সৰীসৃপৰ মাতত ভাঙে জয়াল নিশাৰ নিস্তব্ধতা।