কলগাছিয়া

২১ ছেপ্টেম্বৰ

বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ গাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ আন্দোলনৰ কাৰ্য্যসূচী। যোৱা পোন্ধৰ দিনত ৭০টাকৈ পৰিয়ালৰ ঘৰ ভেটি নৈৰ বুকুত জাহ যোৱাত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নদীৰ পাৰ। খহনীয়া প্ৰতিৰোধ নকৰিলে ভোট বৰ্জনৰ ভাবুকি।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ, চতলা, ৰৌখোৱা, পাথৰচালি, চতলা এন চি, হাপাচৰা আদি গাঁৱত বিগত চাৰি মাহ ধৰি বেকী, ব্ৰহ্মপুত্ৰ আৰু মানাহ নদীৰ গৰাখহনীয়াই ৰুদ্ৰমুৰ্তি ধাৰণ কৰি তিনি শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত কৰাৰ লগতে যোৱা পোন্ধৰ দিনত ৭০ টা পৰিয়ালৰ ঘৰ ভেটি উচন কৰাত সৰ্বসান্ত হৈ পৰিছে পৰিয়াল সমূহ। ইয়াৰ উপৰিও শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ পিছতো বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ, বৰপেটাৰ সাংসদ আব্দুল খালেকে খহনীয়াগ্ৰস্ত পৰিয়াল কেইটাৰ খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ। অৱশেষত বিধয়াক আৰু সাংসদৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে খহনীয়াগ্ৰস্ত ৰাইজ।

খহনীয়া প্ৰতিৰোধৰ দাবীত আন্দোলনৰ কাৰ্যসূচী হাতত লৈ চৰকাৰক শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনোৱাৰ লগতে খহনীয়া প্ৰতিৰোধ নকৰিলে আগন্ত ২০২১ বর্ষৰ নিৰ্বাচনত সমূহীয়া ভোট বৰ্জন কৰিব বুলি ভাবুকি প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে।