নৱজ্যোতি বৰুৱা

চামগুৰি

২২ ছেপ্টেম্বৰ

চামগুৰিৰ পাৱাৰ গ্ৰীড চাব-ষ্টেচনত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত পাৱাৰ গ্ৰীড চাব-ষ্টেচনত উপস্থিত হৈ মঙলবাৰে সন্ধিয়া ভাগৰ পৰা নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ আশ্বাস।

বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত বিগত ছয় দিন ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে জিয়াতু ভুগিব লগা হৈছে। ছয় দিন ধৰি বৃহত্তৰ চামগুৰি, পুৰণিগুদাম, গোমোঠা গাঁও, বঢ়মপুৰকে ধৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে সহ্য কৰিব লগা হৈছে জমৰ জাতনা। ঘোৰ অমানিশা আৰু চৰম বিদ্যুৎ সংকটৰ বাবে নগাঁও জিলাৰ অধিকাংশ অঞ্চলৰ লোকে পাৰ কৰিব লগীয়া হৈছে অন্ধকাৰচন্ন নিশা। নগাঁওবাসী ৰাইজৰ এই দুৰ্দশাৰ বাতৰি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত মঙলবাৰে চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব-ষ্টেচনত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰী কেশৱ মহন্তই পাৱাৰ গ্ৰীড চাব-ষ্টেচনৰ কামৰ বুজ লৈ সন্ধিয়া ভাগৰ পৰা নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। এতিয়া মন্ত্ৰী কেশৱ মহন্তৰ এই আশ্বাস শক্তি বিভাগে কিমান দূৰ কাৰ্যকৰী কৰে সেইয়া সময়তহে লক্ষ্যণীয় হ’ব। উল্লেখ্য যে চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব-ষ্টেচনত যোৱা বৃহস্পতিবাৰে বিশ্বকৰ্মা পূজাৰ দিনা এটা মেগা ট্ৰাঞ্চফৰ্মাৰত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত সমগ্ৰ নগাঁও জিলাতে বিদ্যুৎ যোগান অনিয়মীয়া হৈ আছে।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ যোৱা ২৫ মেগা ভল্টৰ এম্পিয়াৰ ট্ৰাঞ্চফৰ্মাৰটো মেৰামতি কৰি পুনৰ সমগ্ৰ জিলাখনলৈ বিদ্যুৎ পৰিবাহীত কৰিবৰ বাবে বিদ্যুৎ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও বৰ্তমানলৈকে নিয়মীয়া বিদ্যুৎ যোগান দিয়াত ব্যৰ্থ হৈছে বিয়াগোম বিদ্যুৎ বিভাগ। ইফালে নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পাতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি মঙলবাৰে সন্ধিয়াৰ ভাগলৈ বিদ্যুৎ যোগান নিয়মীয়া নহ’লে পুনৰ বিক্ষোপ কাৰ্যসূচী গ্ৰহন কৰাৰ হুংকাৰ দিয়ে।