কলগাছিয়া, সংবাদ ৩৬৫, ৯ আগষ্ট: সোণোৱাল চৰকাৰৰ অনিয়মীয়া বিদ্যুৎ যোগানে ৰাইজক জ্বলা কলা খুৱাইছে। কৰবাত যদি দিনটোত এবাৰৰ বাবে বিজুলী দেখিছে আকৌ কৰবাত বিদ্যুৎৰ লুকা ভাকু দেখিছে। বৰপেটাৰ সৰভোগৰ কেইবাটা অঞ্চলটো বিদ্যুৎৰ অনিয়মীয়া যোগানে ৰাইজক জ্বলা কলা খুৱাইছে। নিয়মীয়া বিদ্যুৎ সেৱা প্ৰদানৰ দাবীত বুধবাৰে নিশা বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৰডাঙা, কামাৰপাৰা আৰু গুইলেজা গাঁৱত দীৰ্ঘদিন ধৰি অনিয়মীয়া বিদ্যুৎ সেৱা প্ৰদানৰ দাবীত বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ প্ৰতিকৃতি দাহ কৰি বিজেপি হায় হায়, মন্ত্ৰী তপন গগৈ মূৰ্দাবাদ, সৰভোগ বিদ্যুৎ উপ সংমণ্ডল মূৰ্দাবাদ আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তোলে। উক্ত গাঁও কেইখনত ২৪ ঘন্টাৰ ভিতৰত মাত্ৰ ৩-৪ ঘন্টা বিদ্যুৎ যোগান দিয়ে। যাৰ ফলত ছাত্র ছাত্ৰীয়ে লেমৰ পোহৰত পঢ়িব লগা হৈছে। এই ক্ষেত্ৰত বিদ্যুৎ বিভাগে নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ পৰিৱৰ্তে দুগুণ মাচুল সংগ্ৰহ কৰে বুলি অভিযোগ ৰাইজৰ। পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ অন্তত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰ খনেও একেটা কাণ্ডকে দেখুৱালে। সেয়ে স্থানীয় ৰাইজে মন্ত্ৰী তপন গগৈক অনতিপলমে নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী দিয়ে। অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি ভাবুকি প্ৰদান কৰে।