গুৱাহাটী, সংবাদ ৩৬৫, ৯ আগষ্টঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনবিৰোধী নীতি পৰিবৰ্তনৰ দাবীত চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাই আজি দেশজুৰি গণ আন্দোলন ৰূপায়ন কৰে। সমগ্ৰ দেশৰ লগতে মহানগৰীটো বিজেপি চৰকাৰৰ জনবিৰোধী নীতি পৰিবৰ্তনৰ দাবীত চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাই এক প্ৰতিবাদী সমদল উলিয়াই জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে।নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধি, ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠানসমূহ ব্যক্তিগত পুঁজিপতিৰ ওচৰত বিক্ৰী কৰা, বেংক, বীমা, প্ৰতিৰক্ষা, ৰে’ল ডাক, দূৰসংযোগ ইত্যাদি বিভাগত দেশী-বিদেশী পুঁজিপতিক পুঁজি বিনিয়োগৰ সুযোগ গঢ়ি দিয়া, কৃষকৰ ঋণ মুকুব কৰাৰ প্ৰতিশ্ৰুতি ভংগ কৰা, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য নিৰ্ধাৰণৰ বাবে স্বামীনাথৰ কমিটিয়ে দিয়া পৰামৰ্শ নস্যাৎ কৰাক চৰকাৰৰ জনবিৰোধী নীতি আখ্যা দি এই নীতি সমূহ সলনি কৰাৰ দাবীত চৰকাৰক বাধ্য কৰাবলৈ আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাই মহানগৰীৰ পানবজাৰত জে’ল ভৰাওক শীৰ্ষক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সকলে হাতে হাতে পোষ্টাৰ বেনাৰ লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰখৰ ৰদকো নেওচি প্ৰতিবাদী সকলে পানবজাৰৰ ৰাজপথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে যদিও পানবজাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি পানবজাৰ থানালৈ লৈ যোৱাত থানাৰ ভিতৰতো প্ৰতিবাদকাৰী সকল প্ৰতিবাদ   অব্যাহত ৰাখে।