গুৱাহাটী, সংবাদ ৩৬৫, ২২ এপ্ৰিল : ভোটাৰসকলে গুগল প্লে’ষ্টৰ বা এপ’ল ষ্টৰ’ৰ পৰা ৰেপিদ’ মবাইল এপটো ডাউনলোড কৰি ৰেপিদ বাইক বুক কৰিব লাগিব। বিনামূলীয়া ৰেপিদ’ বাইক ৰাইড কেৱল ভোটদানৰ সময়তহে উপলব্ধ হ’ব।

ৰেপিদ’ৰ এই বিনামূলীয়া সুবিধা ভোটাৰ সকলক সময়মতে ভোটগ্রহণ কেন্দ্রত উপস্থিত হোৱাত সহায় কৰিবলৈ আগবঢ়োৱা হৈছে। ৰেপিদ’বাইক ট্ৰেক্সি বৰ্তমান গুৱাহাটীত পৰিচালিত হৈ আছে আৰু শ্বিলঙত এই সেৱা আৰম্ভ হৈছে।

ভাৰতৰ বৃহৎ বাইক টেক্সিৰ এপ ৰেপিদ’ই নিৰ্বাচনৰ সময়ত ভোটাৰ সকললৈ আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইড। এই সুবিধা উপভোগ কৰিবলৈ ইউজাৰছ সকলে ৰেপিদ’ এপটোত ৰেপিদ’ বাইক বুক কৰিব লাগিব। ৰেপিদ’ বাইক এপে এই সুবিধা ভোটাৰ সকললৈ বিনামূলীয়া ভাৱে আগবঢ়াইছে যাতে প্ৰত্যেক জন ভোটাৰে “ৰাইট টু ভোট” অধিকাৰ সাব্যস্ত কৰিবলৈ সময়ত ভোটগ্রহণ কেন্দ্রত উপস্থিত হ’ব পাৰে।

ভোটাৰসকলে ফ্ৰি ৰাইডৰ এই সুবিধা উপভোগ কৰিবলৈ কুপন ক’ড আই ভোট ব্যবহাৰ কৰাটো প্ৰযোজ্য। ৰেপিদ’ বাইক এপে আগবঢ়োৱা এই সুবিধা কেৱল গুৱাহাটীতহে উপলব্ধ হ’ব।

ৰেপিদ’ৰ চিটী হেড সুমন আচার্য্যই মন্তব্য কৰে যে “ৰেপিদ’ৰ এই সেৱা প্ৰত্যেকজন ভোটাৰৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে যাতে প্ৰতিজন ভোটাৰে সময়মতে ভোটদান কৰিব পাৰে। ৰেপিদ’ৰ এই ফ্ৰি ৰাইড সেৱা কেৱল ভোটদানৰ সময়তহে মহানগৰীত ভোটাৰ সকলে উপভোগ কৰিব পাৰিব।

বাংগালোৰৰ এই অনুষ্ঠানটোয়ে চাৰিচকাৰ টেক্সিৰ ঠাইত বাইকৰ প্ৰচলন কৰি পৰিৱহন ব্যবস্থাটোতে আমূল পৰিবৰ্তন আনিছে। সমগ্র ভাৰতবৰ্ষতে সকলো যাত্রীয়ে ট্ৰেফিক,অসহনীয় ভিৰত যাত্রা, লগতে পৰিৱহনৰ ক্ষেত্রত পৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ অভাৱৰ সম্মুখীন হৈ আহিছে। ৰেপিদ’ই বাইক টেক্সিৰ প্ৰচলনেৰে কম খৰচত সময়মতে যাত্রী সকলক নিৰ্দিষ্ট ঠাই পোৱাত সহায় কৰি আহিছে।

ৰেপিদ’- ভাৰতৰ বৃহৎ বাইক টেক্সি সেৱা বৰ্তমান ৪০ খনতকৈয়ো অধিক নগৰ আৰু ১৬ খন ৰাজ্যত পৰিচালিত হৈ আছে। ৰেপিদ’ৰ লক্ষ্য হৈছে কম খৰচতে সময় ব্যয় নোহোৱাকৈ সোনকালে যাত্ৰীসকলক গন্তব্য স্থানত উপস্থিত কৰোৱা। এক কোটিতকৈ অধিক সুখী যাত্ৰী আৰু ৩০ কোটিতকৈ অধিক ৰেপিদ’ বাইক ৰাইডাৰছে এক বৃহৎ সংখ্যাৰ যাত্ৰীক প্ৰতি দিনে উন্নত মানদণ্ডৰ যাত্রা কৰাত সেৱা আগবঢ়াই আহিছে। আন্তর্জাতিক পৰ্যটক, ছাত্র-ছাত্ৰীৰ লগতে বিভিন্ন জীৱিকা বৃত্তিৰ সৈতে জড়িত লোকে ৰেপিদ’ বাইক টেক্সিৰ সেৱা উপভোগ কৰি আছে।