ছাহিদুল আলম

ডবকা

৩১ অক্টোবৰ

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংকল্প দিৱস উদযাপন৷ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংকল্প দিৱস উপলক্ষে কভিড যোদ্ধাক সম্বৰ্ধনা।

দেশজুৰি শনিবাৰে লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় একতা আৰু সংকল্প দিৱস। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একতা আৰু সংকল্প দিৱস উপলক্ষে ভাৰতৰ একতা আৰু আভ্যন্তৰিন সুৰক্ষা অটুট ৰখাৰ সংকল্প গ্ৰহণ কৰে শিক্ষক শিক্ষাৰ্থী, আৰক্ষী, চিকিৎসক আৰু সাংবাদিক সকলে। সংকল্প দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাই চৰ্দাৰ বল্লভ ভাই পেটেলৰ ছবিত মাল্যাৰ্পণ কৰি তেখেতৰ জীৱনৰ উপৰত আলোকপাত কৰে আৰু সকলোকে লৌহ মানৱ গৰাকীৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়৷

একতা দিৱস উপলক্ষে হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে চিকিৎসক, আৰক্ষী, শিক্ষক, সাংবাদিককে ধৰি ১২ গৰাকী কভিড যোদ্ধাক গামোচা, জাপি আদিৰে সম্বৰ্ধণা জনায়৷