মুস্তাক আহমেদ

জুৰীয়া

৩১ অক্টোবৰ

জুৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যৌতুকৰ বাবে এগৰাকী বোৱাৰীক কেৰাচিন ঢালি জ্বলাই দিলে স্বামীসহ স্বামীৰ পৰিয়ালৰ লোকে। অগ্নিদগ্ধ বোৱাৰী গৰাকীৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত পাঁচ জন লোকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰিছে। আৰক্ষীয়ে আটক কৰিছে বোৱাৰী গৰাকীৰ স্বামীক।

নগাঁও জিলাৰ জুৰীয়াত পুনৰ সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ এক চাঞ্চল্যকৰ ঘটনা। জুৰীয়াৰ নগাবন্ধাত এগৰাকী বোৱাৰীক যৌতুকৰ বাবে স্বামীসহ স্বামীৰ পৰিয়ালৰ লোকে কেৰাচিন ঢালি জ্বলাই দিলে। পিতৃগৃহৰ পৰা স্বামীৰ পৰিয়ালে দাবী কৰা ধন আনিবলৈ অমান্তি হোৱাৰ বাবেই বোৱাৰী গৰাকীক স্বামীসহ স্বামীৰ পৰিয়ালৰ লোকে জ্বলাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উথাপিত হৈছে। তিনিবছৰৰ পূৰ্বে শিঙাৰী গাঁওৰ মহিলা গৰাকী বিবাহপাশত আবদ্ধ হৈছিল নগাবন্ধা গাঁৱৰ আতাবুৰ ৰহমান নামৰ এজন লোকৰ লগত। বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি বোৱাৰী গৰাকীক অকথ্য নিৰ্যাতন চলাই আহিছিল। স্বামীৰ পৰিয়ালৰ নিৰ্যাতন মাজতো বোৱাৰী গৰাকীয়ে দাবী কৰা ধন আনিবলৈ অমান্তি হোৱাত স্বামী, শাহুৱেক আৰু দেওৰেকে মিলি কেৰাচিন তেল ঢালি জ্বলাই দিয়ে বোৱাৰী গৰাকীক। দেহৰ ৮০ শতাংশ দগ্ধ হোৱা বোৱাৰী গৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত্যুৰ সৈতে যুঁজি আছে।

অগ্নিদগ্ধ বোৱাৰী গৰাকীৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত স্বামী, শাহুসহ মুঠ পাঁচ জন লোকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰে। আৰক্ষীয়ে ইতিমধ্যে বোৱাৰী গৰাকীৰ স্বামী আতাবুৰ ৰহমানক আটক কৰিছে।