নুমলীগড়, সংবাদ ৩৬৫, ৪ আগষ্টঃ পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যে যিয়ে নিজৰ কন্যা সন্তানতকৈও আনৰ স্নেহৰ প্ৰতি বেছি দৰদ৷ এজনী কন্যা সন্তানৰ প্ৰথম প্ৰেমেই হৈছে পিতৃ৷ পিতৃ স্নেহেই হৈছে কন্যা স্নেহৰ মৰমৰ এনাজৰী৷ তেনে এক পিতৃ স্নেহৰ দুৰ্ভগীয়া পৰিয়ালক উদ্ধাৰ কৰিলে আছাম টকচে৷ বৃহত্তৰ মৰঙিৰ ১ নং কৰ্দৈগুৰিত সাগৰ সদৃশ পৰিবেশৰ মাজতে আছে এটা পৰিয়াল৷ যিটো পৰিয়ালত আছে  বিশেষ ভাৱে সক্ষম কন্যা৷ এই পৰিয়ালটো  তিনি দিনে জলপ্ৰলয়ৰ মাজত  জল বন্দী হৈ আছিল৷ কৃষ্ণ বাহাদুৰ চেত্ৰী নামৰ পিতৃজনে  ডাঙৰ জীয়ৰিৰ সৈতে আশ্ৰয় সিবিৰলৈ নগ’ল একমাত্ৰ বিশেষ ভাৱে সক্ষম সৰু কন্যাৰ বাবেই৷ সকলো গাওঁবাসীয়ে আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ পাছতো নিজৰ ঘৰ খন এৰি তথা আপোন গাও খন এৰি নগৈ দুই কন্যাৰ সৈতে তিনি দিনে থাকিল পানীৰ মাজতে৷ কিজানিবা আশ্ৰয় শিবিৰত কষ্ট পাই বিশেষ ভাৱে সক্ষম সৰু জীয়ৰী পূজাই৷ শনিবাৰে মৰঙি চক্ৰ বিষয়া কাৰ্য্যালয়ৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া কুকিলা গগৈ, এন দি আৰ এফ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আছাম টকচে সুকলমে পৰিয়ালটোক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা কৰি দিয়ে৷