মুস্তাক আহমেদ

জুৰীয়া

৪ নৱেম্বৰ

ৰূপহীহাটত সূহৃদ আঁচনিৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদত।
বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বিজেপি কৰ্মীয়ে। নুৰুল হুদা মূর্দাবাদ, সূহৃদ আঁচনিৰ অনিযমৰ তদন্তৰ কৰক আদি শ্ল’গানেৰে উত্তাল হৈ পৰে ৰূপহী চাৰিআলিৰ মাজমজিয়া।

ৰূপহীহাটৰ ৰূপহী চাৰিআলিৰ মাজমজিয়াত দাউ দাউকৈ জ্বলি উঠিল বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি। ৰূপহী মণ্ডল বিজেপিয়ে দাহ কৰিলে বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি। যোৱা কিছুদিন ধৰি সূহৃদ আঁচনিৰ অনিয়মৰ বাতৰিয়ে সংবাদ মাধ্যমৰ লগতে চছিয়েল মিডিয়াত তোলপাৰ লগাই থকাৰ সমান্তৰালে সূহৃদ আঁচনিৰ অনিয়মৰ তদন্তৰ দাবীত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। বুধবাৰে ৰূপহী মাণ্ডল বিজেপিয়ে সূহৃদ আঁচনিৰ অনিয়মৰ তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰে।সমষ্টিটোত ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ বিপৰীতে আৱন্টিত হ’বলগীয়া সূহৃদ আঁচনিৰ ধন বিধায়ক নুৰুল হুদাৰ সাংগোপাংগোৰ পকেটত সোমোৱাৰ অভিযোগ তুলি বিজেপিয়ে বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰৰিবাদকাৰী বিজেপিৰ কৰ্মকৰ্তা সকলে বিধায়ক নুৰুল হুদা মূৰ্দাবাদ, সূহৃদ আঁচনিৰ অনিযমৰ তদন্তৰ কৰক আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰূপহীহাট সমষ্টিত ২০১৮-২০১৯ চনৰ ‘সূহৃদৰ আঁচনিৰ ধন যুৱ কংগ্ৰেছী সকলে লাভ কৰা বুলি তথ্যসহকাৰে অভিযোগ উত্থাপন কৰিছিল এআইইউডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে। এআইইউডি এফৰ যুৱ মৰ্চাৰ সমষ্টি কমিটিৰ সভাপতি ৰফিকুল ইছলামেও বিধায়ক নুৰুল হুদাই সূহৃদৰ আঁচনিৰ ধন আত্মহাত কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰে ইয়াৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।