নৱজোতি বৰুৱা

চামগুৰি

৪ নৱেম্বৰ

নগাঁৱৰ চামগুৰিত দিনৰ পোহৰতে সংঘটিত হোৱা এক ডকাইতি কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।দুখন বাইকেৰে অহা চাৰি জনীয়া ডকাইতৰ দলে মূৰত পিষ্টল থৈ লুটি নিলে আঢৈ লাখ টকা ভৰ্তি বেগ।

নগাঁও জিলাৰ চামগুৰিত বুধবাৰে দিনৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰীয়ে গ্ৰাহকে পৰিশোধ কৰা বিদ্যুৎ বিলৰ ধন লৈ বেংকত জমা দিবলৈ যাওঁতে বাইকেৰে অহা চাৰিজনীয়া ডকাইতৰ দল এটাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুজনৰ পৰা আঢৈ লাখ টকাৰ বেগ লুটি নিয়ে। ডকাইতৰ দলটোৱে লগত লৈ অহা পিষ্টল গৃহৰক্ষীৰ মুৰত থৈ টকাৰ বেগটো নিদিলে প্ৰাণে মৰাৰ ভাবুকি দি টকাৰ বেগ লৈ উধাও হয়। ডকাইতি কাণ্ডদ সমগ্ৰ ঘটনা চিচিটিভিত ৰেকৰ্ড হৈছে। চিচিটিভিত দৃষ্টিগোচৰ হয় বাইকসহ ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰা প্ৰতিটো দৃশ্য। বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মীচাৰীৰ অসাৱধানতাৰ সুযোগলৈ ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰাৰ সুবিধা পাইছে বুলি একাংশই মন্তব্য প্ৰকাশ কৰিছে।

ডকাইতি কাণ্ডৰ খবৰ পাই ঘটনাস্থলিত ততাতৈয়াকৈ চামগুৰি আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাৰম্ভিক অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত কিছু দিন ধৰি ৰাজ্যতৰ বিভিন্ন প্ৰান্তত অনুৰূপ ধৰণৰ ডকাইতি কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে মহানগৰী গুৱাহাটীৰ কাহিলিপাৰত এগৰাকী মহিলাৰ পৰা বাইকত অহা ডকাইতৰ দলে চাৰি লাখ টকা লুটি নিছিল।