নতুন দিল্লী, ১২ মেঃ নেচনেল হেৰল্ড গোচৰ সৰ্ন্দভত আয়কৰ বিভাগক তদন্তৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু উপাধ্যক্ষ ৰাহুল গান্ধীৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ইয়ং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিবেদন নাকচ কৰি দিল্লী উচ্চ  ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব আয়কৰ বিভাগক দিয়ে৷ উচ্চ ন্যায়ালয়ে ৰায়দানত কয় যে ইয়ং ইণ্ডিয়া প্ৰাইভেট লিমিটেডত ছোনিয়া আৰু ৰাহুল গান্ধীৰ অংশীদাৰিত্ব আছে৷ এই ঘটনাৰ তদন্তৰ অধিকাৰ আয়কৰ বিভাগৰ আছে৷ ইয়ং ইণ্ডিয়া প্ৰাইভেট লিমিটেডে কোম্পানীৰ সকলো নথি-পত্ৰ আয়কৰ বিভাগক চমজাই দিব লাগিব আৰু আয়কৰ বিভাগৰ কামত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব৷ উল্লেখ্য যে পাটিয়ালা হাউচ কৰ্টেও একে ৰায় দিছিল, যাৰ কাৰণে ছোনিয়া আৰু ৰাহুল গান্ধীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু উপাধ্যক্ষ ৰাহুল গান্ধীৰ অধিবক্তাই এইবাৰ উচ্চতম  ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা জানিবলৈ দিয়ে৷