তিতাবৰ, ১২ মেঃ জাননী শইকীয়া সোঁৱৰণি তৃতীয় বাৰ্ষিক ৰঙালী বিহু সন্মিলনখন তিতাবৰৰ গড়আলিৰ ধলিত বাৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিতাবৰ মহকুমা সমিতি আৰু ধলি বালিজান শাখা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ কাৰ্যসূচীৰ আৰম্ভনিতে স্মৃতি তৰ্পন, আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা আৰু বিহুৰ সৰ্ম্পকে এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে সদৌ অসম বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি দেৱেন চৰণ বৰবৰুৱায়ে৷ উদযাপন সমিতিৰ সম্পাদক সুৰাজিৎ শইকীয়াই জানিবলৈ দিয়া মতে দ্বিতীয় দিনাৰ কাৰ্যসূচীত শিক্ষামূলক প্ৰতিযোগিতা, ঢোল বাদন, বিহু কুঁৱৰী আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধ্যা সাংস্কৃতিক অনুষ্ঠানত কেইবাজনো জনপ্ৰিয় শিল্পীয়ে পৰিবেশন কৰিব৷