গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : অসমৰ অন্যতম সামাজিক , সাংস্কৃতিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘ পথিক ‘ৰ উদ্যোগত ” ধঁপাত বিৰোধী তথা কৰ্কট ” সজাগতাৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো নেহেৰু ষ্টেডিয়ামৰ প্ৰাংগণৰ পৰা এছ বি দেওৰা মহাবিদ্যালয় প্ৰাংগণ হৈ ভোগেশ্বৰী ফুকননী ইন’ডৰ ষ্টেডিয়ামলৈকে ৩ য় ধঁপাত বিৰোধী ৱাকাথান শীৰ্ষক সজাগতাৰ সমূহীয়া খোজ তথা চাৰি দিনীয়া স্বভাৱগত ৰোগ, কৰ্কট,আয়ুৰ্বেদ, যোগ তথা ৰক্তৰ কৰ্মশালা আদি কাৰ্যসূচী ৰূপায়নৰ প্ৰস্তুতি কৰিছে।

উদ্যোগত “ধঁপাত বিৰোধী তথা কৰ্কট” সজাগতাৰ বাবে আয়োজন কৰা এই ৩ য় ধঁপাত বিৰোধী ৱাকাথানৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে চুটি ছবি প্ৰতিযোগিতা । উদ্দেশ্য নৱ প্ৰজন্মক সজাগ কৰা। কাৰণ বিগত ১০ বছৰৰ সমীক্ষাত অসমৰ কৰ্কট ৰোগীৰ মুঠ সংখ্যাৰ ৪১% হৈছে ৪০ বছৰৰ তলৰ।

এক লক্ষাধিক মূল্যৰ নগদ ধন, স্মাৰক আৰু মানপত্ৰ যুক্ত প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ বিবেচনা কৰিবলগীয়া এই চুটি ছবি প্ৰতিযোগিতাৰ দৈৰ্ঘ ৬-১০ মিনিট। শীর্ষক “ধঁপাত বিৰোধী তথা কৰ্কট” সজাগতা।ভাল ৰিজলিউশ্যন যুক্ত মোবাইল কেমেৰা বা ভিডিও কেমেৰাৰে ছবি গ্ৰহণ কৰা হ’ব।

চুটি ছবি প্ৰতিযোগিতাৰ বাবে ছবিসমূহ জমা দিয়াৰ শেষ তাৰিখ ২০ এপ্ৰিল। এই “ধঁপাত বিৰোধী তথা কৰ্কট” সজাগতাৰ কাৰ্যসূচীত সহযোগ কৰিবলৈ অসমৰ প্ৰতিজন সচেতন ব্যক্তিক পথিকৰ তৰফৰ পৰা আহ্বান জনাইছে।