গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চঃ মঙলবাৰে দিনৰ ১১.২৫ মান বজাত সংঘটিত এক ভয়াৱহ ভূঁইকঁপে জোকাৰি গ’ল ৰাজ্যৰ লগতে মহানগৰীৰ হায়াত হাস্পতাল। লগে লগে বাজি উঠে বিপদ সংকেত। ইয়াৰ লগে লগে ৰোগী, ৰোগীৰ আত্মীয় আৰু কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে।

তীব্ৰ জোকাৰণিত কেইবামহলীয়া হাস্পতালখনৰ কেবিন আৰু জেনেৰেল ৱাৰ্ডত ভৰ্তি হৈ থকা তিনিজন ৰোগী সামান্যভাৱে আহত হয়। ইয়াৰ বিপৰীতে প্ৰাণৰ ভয়ত দিকবিদিক হেৰুৱাই যেনি তেনি দৌৰিবলৈ লৈ ৰোগীক সাক্ষাৎ কৰিবলৈ অহা ১০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইপিনে হাস্পতালখনৰ কেইবাজনো কৰ্মচাৰী আবদ্ধ হয় এটা নিৰ্মীয়মান কোঠাত। ভূঁইকঁপ সংঘটিত হোৱাৰ লগে লগে তৎপৰ হয় হায়াত হাস্পতালৰ নিৰাপত্তা ৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দল।

ভয়াবহ দুৰ্যোগৰ খবৰ পায়ে মুহুৰ্ততে উপস্থিত হয় এনডিআৰএফ, বি এছ এফ আৰু চিভিল ডিফেন্সৰ তিনিটাকৈ সুকীয়া দল। তিনিওটা বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্যত নামি পৰে।

শাৰীৰিক অৱস্থা অনুসৰি অগ্ৰাধিকাৰৰ ভিত্তিত ঠাইতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ৰোগীসকলক স্হানান্তৰ কৰা হয় হাস্পতাল চৌহদতে গঢ়ি তোলা অস্হায়ী জৰুৰী চিকিৎসা সেৱা কেন্দ্ৰত। সমবেত হয় হাস্পতালৰ কৰ্মচাৰী, চিকিৎসাকৰ্মীকে ধৰি ভালে সংখ্যক ৰোগীৰ অভিভাৱক।

সেইখিনি সময়তে এনডিআৰএফৰ টীম কমাণ্ডাৰজনে সমবেত সকলক উদ্দেশ্যি মকড্ৰিলৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে। তেওঁ কয় যে যিকোনো ধৰণৰ দুৰ্যোগত বিবুধি নহৈ সুস্থ মস্তিষ্কৰে নিৰাপদ স্হানলৈ আঁতৰি আহিব লাগে, সুস্থসকলে আনৰ জীৱন ৰক্ষাতো সহায় কৰিব লাগে।

হায়াত হাস্পতালৰ নিজস্ব দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত ৰূপায়ন কৰা মকড্ৰিলত দুৰ্যোগত আঘাতপ্ৰাপ্ত সকলক বিজ্ঞানসন্মতভাৱে উদ্ধাৰৰ কৌশল আৰু প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় বিধি-ব্যৱস্হাও শিকোৱা হয়। হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই এক প্ৰেছ বিবৃতি যোগে সদৰী কৰিছে যে হায়াত হাস্পতালৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে হাস্পতালৰ বাদেও মহানগৰত সংঘটিত অগ্নিকাণ্ড, বান, ভূঁইকঁপকে আদি কৰি যিকোনো দুৰ্যোগত এনডিআৰএফক সহযোগিতা কৰিব।