পাথাৰকান্দি, সংবাদ ৩৬৫, ৯ জুলাইঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পাথাৰকান্দি বিধানসভা সমষ্টিতো বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। অঞ্চলটোৰ এটা সাত জনীয়া হাতীৰ জাকে কেইবাবছৰ ধৰি সন্ত্ৰাস চলাই থকাৰ পিছতো বন বিভাগে ইয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসী ৰাইজ। যোৱা বছৰ বিদ্যুৎস্পৃষ্ট হৈ জাকটোৰ মাজৰ এটা হাতীৰ মৃত্যু হৈছিল যদিও বৰ্তমান জাকটোত থকা ছটাকৈ হাতী অঞ্চলটোত সন্ত্ৰাস অব্যহত ৰাখিছে। যিকোনো মুহুৰ্ততে খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই আহি হাতীৰ জাকটোৱে পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে ৰাইজৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। অঞ্চলটোৰ বিশেষকৈ চান্দখিৰা, পুতনী, মেদিলী, কাৰখানা পুতনী, সোনানখীৰা, লালখীৰা, আদমটীলা, বুবৰিঘাঠ চাহ বাগিচাত হাতীৰ জাকটোৱে সন্ত্ৰাস চলাই আহিছে। হাতীৰ জাকটোৱে বৰ্তমানলৈকে অঞ্চলটোত কুৰি জনতকৈও অধিক লোকৰ প্ৰান কাঢ়ি লৈছে। বৰ্তমান আদমটীলাৰ জংঘলত থকা হাতীৰ জাকটো আন্ধাৰ হোৱাৰ লগে লগে জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ৰাইজে হাতীৰ জাকটোৰ পৰা ৰক্ষা পাবলৈ জুই জ্বলাই, পটকা ফুটাই হাতীৰ জাকটো পুনৰ বনাঞ্চললৈ খেদী পঠিয়াই যদিও এই ক্ষেত্ৰ ৰাইজ বনবিভাগৰ পৰা কোনো ধৰণৰ সহযোগিতা নোপোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে।