বাক্সা, সংবাদ ৩৬৫, ৯ জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত হৰিণচৰা প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত ২৪ বাহিনী ৰঙিয়া এছএছবিৰ উদ্যোগত “বেটী বছাও বেটী পঢ়াও” অভিযান সম্পন্ন হয়। “বেটী বছাও বেটী পঢ়াও” অভিযানৰ অন্তৰ্গত এছএছবিৰ ফলৰ পৰা বিদ্যালয়খনৰ খেল পথাৰত এখন চিকিৎসা শিবিৰো অনুষ্ঠিত কৰা হয়। চিকিৎসা শিবিৰত পশুৰ বাবে বিভিন্ন ঔষধ বিতৰণ কৰাৰ লগতে ৰোগী ব্যক্তি সকলক চিকিৎসা প্ৰদান আৰু ঔষধ বিতৰণ কৰা হয়। এই কাৰ্যসুচীত পাহাৰপুৰ হৰিণচৰা প্ৰাথমিক বিদ্যালয়ৰ ৫০ গৰাকীকৈ ছাত্ৰীক স্কুল বেগ বিতৰণ কৰা হয়। কাৰ্যসুচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কুমাৰীকাটাস্থিত পাতাঞ্জলি ট্ৰাষ্টৰ সঞ্চালিকা চাদভী স্বাৰুপ, এছএছবি ৰঙিয়াৰ ডীআইজী ডব্লিউ নৰ্বু, ২৪ বেটেলিয়ন এছএছবি ৰঙিয়াৰ কমাণ্ডেন্ট কেএছ নৌটিয়াল, এছএছবি ৰঙিয়াৰ এও ওম প্ৰকাশৰ লগতে কেইবাগৰাকী এছএছবিৰ বিষয়া আৰু স্থানীয় ৰাইজ।