মানিকপুৰ, ২০ জুনঃ চিৰাঙৰ পালেংবাৰী হাইস্কুলত আমছুৰ মোনাকোষা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰধান শিক্ষক আবু বক্কৰ ছিদ্দিকৰ পৌৰাহিত্যত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ অনুষ্ঠানত পালেংবাৰী হাইস্কুল, মিলনজ্যোতি হাইস্কুল আৰু ভাংনামাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৪২ জন কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ, ড° এপিজে আব্দুল কালামৰ জীৱনভিত্তিক এখন কিতাপ, কলম আৰু এটাকৈ গছপুলিৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত বিজনী মহকুমাৰ আয়ুক্ত  লকুমনি বৰা আৰু মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মুৰতুজ আলী আহমেদ উপস্থিত থাকি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ মূলক ভাষন দিয়ে। সভাত জিলা আমছুৰ সভাপতি আবুল কালাম আজাদ, উপসভাপতি ৰছুল খান, সাধাৰণ সম্পাদক দ্বয় জাহেদ আলী আৰু জিলানুৰ ৰহমান, আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আমিনুৰ হুছেইন, মিলন জ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক অফিয়েল আলীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।