বৰহাট, ২০জুনঃ চৰাইদেউৰ সোণাৰি সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ বৰুৱাচালি মৌজাৰ অন্তৰ্গত বৰহাট-বৰুৱানগৰ সংযোগী ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰুপশ্ৰী গড়কাপ্টানি পথত টিমন নদীৰ ওপৰত অৱস্থিত আৰচিচি দলং খনৰ আলি সংযোগী অংশত এটা প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হোৱাত দূৰ্ঘটনাৰ আশংকাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গড়কাপ্টানি বিভাগৰ চৰম গাফিলতি তথা অবৈজ্ঞানিক পদ্ধতিৰে দলংখন নিৰ্মাণ কৰাৰ লগতে পথৰ লগত সংলগ্ন অংশত নদীৰ পাৰ বন্ধাৰ ক্ষেত্ৰতো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতেই এই প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈছে৷ বিভাগীয় কৰ্তৃপক্ষই উক্ত স্থানত কোনো ধৰণৰ বিপদ সাংকেতিক চিহ্নৰ ফলক নলগোৱাত প্ৰকাণ্ড গাঁতটোত যিকোনো মূহুৰ্ত্ততে ডাঙৰ দূৰ্ঘটনাত সংঘটিত হৈ পথাচাৰীৰ মৃত্যু হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকে৷ সম্পূৰ্ণ এমাহ পূৰ্বে সৃষ্টি হোৱা এই প্ৰকাণ্ড গাঁতটোৰ মেৰামতি সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত নোলোৱাত প্ৰশাসনীয় ব্যৱস্থাৰ সোপাধিলা নীতিক  স্থানীয় ৰাইজৰ  লগতে জনগোষ্ঠীয় সংগঠন চুম্ হুম্ লিক্ লাই লে’ ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ দিছে।