জোনমণি বেগম

বিশ্বনাথ

২৯ জানুৱাৰী

বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ এখন অতিকৈ পিছপৰা গাঁও। ৰাজ্যৰ অন্যান্য গাঁও সমূহৰ তুলনাত এই গাঁওখনত নাই কোনো ধৰণৰ অত্যাধুনিক সা-সুবিধা। গাঁওখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশক সম্পদ হিচাপে লৈ গাঁওখনক এক আকৰ্ষণীয় পৰ্যটকস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা। কাৰ্বি জনগোষ্ঠী প্ৰধান গাঁওখনক পৰ্যাটনস্থলী হিচাপে গঢ় দিবলৈ গাঁওখনত উপস্থিত হৈছে ৬০ গৰাকী এচ এচ এচৰ শিক্ষাৰ্থী।

বিশ্বনাথ জিলাৰ এখন পাণ্ডৱ বৰ্জিত গাঁও। বিশ্বনাথ চাৰিআলিৰ পৰা ২০ কিলোমিটাৰ উত্তৰে অসম অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত কাৰ্বি ব্লকৰ এই গাঁওখনত নাই কোনো ধৰণৰ অত্যাধুনিক সা-সুবিধা, নাই বিদ্যুৎ যোগানৰ ব্যৱস্থা কিন্তু শীঘ্ৰেই এই গাঁওখনলৈ আহিব দেশ-বিদেশৰ পৰ্যটক। অতিকৈ পিছপৰা এই গাঁওখনক অসমৰ ভিতৰত এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটনথলী হিচাপে গঢ় দিবলৈ আগবাঢ়ি আহিছে বিশ্বনাথ মহাবিদ্যালয়ৰ ৬০ গৰাকী এন এচ এচৰ শিক্ষাৰ্থী। বিগত কিছুদিন ধৰি এই ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যাপক ৰাজেশ্বৰ বড়োৰ নেতৃত্বত আৰু অধ্যক্ষ ড° চিন্তামনি শৰ্মাৰ তত্বাৱধানত তথা গাঁওবাসীৰ সহযোগত গাঁওখনক পৰ্যটনথলী ৰূপে গঢ় দিবলৈ আৰম্ভ কৰিছে প্ৰচেষ্টা। প্ৰথমে শিক্ষাৰ্থী সকলে গাঁওখনৰ সকলো ঠাই চাফ-চিকুন কৰি ৰাজ্যৰ ভিতৰতে এখন স্বচ্ছ গাঁৱৰ মৰ্যাদা লাভ কৰাৰ চেষ্টা চলাইছে। অহা ব’হাগ মাহৰ ভিতৰত পৰ্যটনৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলাৰ লক্ষ্য ৰখা গাঁওখনত কাষৰে বৈ যোৱা পথাইজান নদীত থাকিব নৌকা বিহাৰৰ সুবিধা, পৰ্যটকৰ নৈশ যাপনৰ বাবে থাকিব ৫ টাকৈ বিশাল চাংঘৰ, লগতে থাকিব জনজাতীয় খাদ্য সম্ভাৰ। উল্লেখ্য যে শব্দ প্ৰদূষণ মুক্ত এই গাঁওখনলৈ ব’হাগ মাহত বিভিন্ন প্ৰজাতিৰ পৰভ্ৰমী চৰাই আহে। সেই চৰাই সমুহো চাব পাৰিব পৰ্যটক সকলে।

গাঁওখনলৈ অহা পৰ্যটক সকলে লগতে উপভোগ কৰিব পাৰিব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। পৰ্যটক সকলৰ বাবে অবিৰামভাৱে চলি থাকিব জনজাতীয় সাংস্কৃতিক কাৰ্যসূচী। পথাইলাংচ’ উদ্যান হিচাপে নামাকৰণ কৰা এই গাঁওখনক লৈ এতিয়া এন এচ এচৰ শিক্ষাৰ্থী সকলৰ লগতে সমগ্ৰ গাঁওবাসী আশাবাদী। উল্লেখ্য যে বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত সাতদিনীয়া বিশেষ শিৱিৰত অংশগ্ৰহণ কৰাৰ পিছতে শিক্ষাৰ্থী সকল এনেদৰে আগবাঢ়ি অহাত সীমান্তবৰ্তী অঞ্চলটোলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি।