গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : আজি পুৱা ১১ বজাৰ পৰা মূল দুৱাৰৰ সন্মুখত অৱস্থান ধৰ্ম ঘটাৰ কার্য সূচী ৰূপায়ন কৰে কটন বিশ্ব বিদ্যালয় ৰ ছাত্ৰ একতা সভাই। ৪৮ ঘণ্টা ধৰি ৰূপায়ন কৰিব এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ব্ৰজেন ফুকনে কয় কটন বিশ্ববিদ্যালয় বিভিন্ন সমস্যাৰে জৰ্জৰিত। ২০১৭ চনতে কটন মহাবিদ্যালয়ে বিশ্ব বিদ্যালয় হিচাপে স্বীকৃতি পায় যদিও ২০২১তহে নাক (naac) ৰ দ্বাৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাব। এই কেইবছৰ বিশ্ব বিদ্যালয়খন চলিবৰ বাবে চৰকাৰে টকা দিয়াৰ কথা আছিল যদিও আজিলৈকে দিয়া নাই। আনহাতে ছোৱালী হোষ্টেলৰ বাবে ফাণ্ডিং কৰিলে যদিও পাছৰ পৰ্যায়ৰ কামৰ বাবে ভাইছ চেন্সেলৰক লগ ধৰিবলৈ যায় যদিও লগ নোপোৱাৰ অভিযোগ তোলে সভাপতি গৰাকীয়ে।

ইফালে বিশ্ব বিদ্যালয়ত হস্পিতাল এখন আছে যদিও সেইয়া নামতহে আছে । হাস্পতালত নাই কোনো চিকিৎসক । এজন মাত্ৰ ফাৰ্মাচীষ্ট আছে যদিও তেখেতো সোনকালেই যায়গৈ। চিকিৎসকৰ বাবে এপ্লিকেচন দি ভাগৰি পৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা।

আনহাতে বিশ্ব বিদ্যালয়খনত নাই এটাও জেনেৰেটৰ যাৰ বাবে বৰষুণ দিলে ছাত্ৰ-ছাত্ৰীয়ে আন্ধাৰতে ফ্লাছ লাইট জ্বলাই পৰীক্ষা দিব লাগে।

ইয়াৰোপৰি বিশ্ববিদ্যালয়ৰ বাবে দিয়া নাই এখনো বাছ। বাছৰ বাবে বিশ্ব বিদ্যালয়ত এপ্লিকেচন দিয়া হৈছে যদিও কোনোধৰণৰ সুফল পোৱা নাই ।

আনহাতে, বিশ্ব বিদ্যালয়খনত ডেৰশৰো অধিক শিক্ষকৰ পদ খালি হৈ আছে কিন্তু এই পদ সমূহ পূৰণৰ বাবে বিশ্ব বিদ্যালয়খনে কোনোধৰণৰ ব্যৱস্থা কৰা নাই। যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনা কৰাত সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে সংবাদমেল পতা হৈছিল যদিও কোনো ধৰণৰ কানসাৰ দিয়া নাই বিশ্ব বিদ্যালয়ে।

অসমৰ শিক্ষা ব্যৱস্থাতো ভাল কৰিবলৈ দাবী জনাই প্ৰাঞ্জল কাকতিয়ে কয় যে যদি অসমৰ শিক্ষা ব্যৱস্থা ভাল নকৰে তেতিয়াহলে ইয়াতকৈও অধিক তীব্রতৰ ৰূপত আন্দোলন গঢ়ি তুলিম।