নিউজ ডেস্ক , সংবাদ ৩৬৫, ৮ এপ্ৰিল : পুনৰ বিতৰ্কত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আনিব গেৰুৱা বাহিনীয়ে। এই কথা স্পষ্টভাবে প্ৰকাশ কৰিলে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয়ভাৱে প্ৰকাশিত নিৰ্বাচনী ইস্তাহাৰত ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ দেশ উত্তাল হৈ আছিল। বিভিন্ন ঠাইত বিজেপিৰ নেতা ,পালি নেতাৰ পৰা আদি কৰি প্ৰধানমন্ত্ৰী মোদীকো কলা পতাকা দেখুৱাই প্ৰতিবাদ বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । আনকি উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈও সংকোচ কৰা নাছিল একাংশই।

এই বিতৰ্কিত বিলখনকেই বিজেপিৰ ৰাষ্ট্ৰীয়ভাৱে প্ৰকাশিত নিৰ্বাচনী ইস্তাহাৰত মঙলবাৰে প্ৰকাশ কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।