জুৰীয়া, সংবাদ ৩৬৫, ৮ এপ্ৰিল : সমধিকাৰ, সমবিকাশ আৰু সকলোৰে নিৰাপত্তা দিছে বিজেপিয়ে। কংগ্ৰেছে অপপ্ৰচাৰ চলায় বিজেপি মুছলমান বিৰোধী বুলি। এয়া সম্পূৰ্ণ মিছা। সংখ্যালঘু অধ্যুষিত জুৰীয়াত মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু প্ৰচাৰ অভিযানত এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।

তেখেতে আৰু কয় যে আমাৰ দৃষ্টিত হিন্দু মুছলমান সকলো সমান। মোদীয়ে ধৰ্মৰ নামত ৰাজনীতি নকৰে। কামে-কাজে বিজেপি চৰকাৰৰ কোনো এটা আঁচনিৰ পৰা কোনো ধৰ্মৰ লোক বাদ পৰা নাই।

সংখ্যালঘু উন্নয়নৰ বাবে সৰ্বাধিক ধন খৰছ কৰিছে বিজেপিয়ে। আপোনালোকক আস্থাত লৈছো। আপোনালোকৰ উন্নয়ন বিচাৰো। আপোনালোকক সুৰক্ষা দিয়াৰ লগতে উন্নয়নো কৰা হব। সংখ্যালঘু লোকক উদ্দেশ্যি এই ভাষণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

নিৰ্বাচনৰ পিছত বহু আঁচনিলৈ পুনৰ ৰূপহীহাটত অহাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। ছয় লাখ খেতিয়কে লাভ কৰিব চৰকাৰী সাহায্য। কোনো আঁচনিৰ পৰা আপোনালোক বঞ্চিত নহয়।
বিজেপিৰ নীতি সংঘাত নহয় বিজেপিৰ নীতি নিৰাপত্তা আৰু উন্নয়ন।