কলগাছিয়া, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ: দিখৌমুখৰ ট্ৰেজেদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ শংকা মাৰ নৌযাওতেই মঙ্গলবাৰে নিশা আকৌ এক শোকাৱহ নাওঁ দুৰ্ঘটনা সংঘটিত হয় বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰকুৰত। বাঘবৰৰ মৰাভাজৰ পৰা মিলিজুলিত অনুষ্ঠিত হৈ থকা শতাধিক যাত্ৰী নাও খেল চাই ঘৰলৈ উভতি অহা পথতে ভূতভূটি নাওঁখনৰ যান্ত্ৰিক বিজুতি ঘটি বেকী নৈৰ ওপৰত থকা দলঙৰ উজনিত গৈ খুটা এটাত প্ৰকাণ্ড জোৰে খুন্দা খাই দুৰ্ঘটনাত পতিত হৈ কেইবাগৰাকী যাত্ৰী আহত হয়। ৰহিম বাদশাহ নামৰ লোক এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বাকী আন যাত্ৰী বিলাকে নাওখনৰ চালিৰ ওপৰৰ পৰা জঁপিওৱাত আহত হয়। পিছত ৰাইজে নদীত জাপ দিয়া ৭ গৰাকী যাত্ৰী আৰু খুটাত আশ্ৰয় লোৱা ৪ গৰাকী যাত্ৰীক উদ্ধাৰ কৰে। নিশাৰ অন্ধকাৰত দলঙৰ খুটাত খুন্দা খাই নাওঁখন সন্ধানহীন হোৱাত হাঁহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ নাওখনত কেইবাগৰাকী শিশু আছিল। ইফালে নাওঁখনত কিমান যাত্ৰী আছিল আৰু কিমান যাত্ৰী পানীত জাপ দি নিৰুদ্দেশ হৈ আছে তাৰ হিচাপ দিব পৰা নাই। ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।