বৰপেটা, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ: পৰিবর্তনকামী চৰকাৰ খনে ভাল দিন ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিয়া সকলো এতিয়া ধোঁৱাচাঙত। খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগৰ চাফাকামাৰ অঞ্চলটোত ২০০৪ চনৰ পৰাই অব্যাহত আছে বেকী নৈৰ প্ৰবল খহনীয়া। এই খহনীয়া প্ৰতিৰোধৰ দাবীত মঙ্গলবাৰে সৰভোগ সমষ্টিৰ বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী গৰকাপ্তানী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় ডেৰকুৰি গাঁৱৰ লোকে। খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলবাসী ৰাইজে বহুবাৰ কাকূতি মিনতি কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহন নকৰিলে ৰাজ্য চৰকাৰে ৷ আনকি স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসৰো কোনো কানসাৰ নাই খহনীয়া প্ৰতিৰোধৰ কোনো তৎপৰতা ৷ চৰকাৰৰ অবহেলা আৰু স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসৰ চৰম অনীহাত ক্ষোভিত হৈ অঞ্চলবাসী ৰাইজে অবশেষত প্ৰতিবাদত নামিল৷ বেঁকীৰ খহনীয়া প্ৰতিৰোধ কৰা, খহনীয়াত জাহ যোৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানি পথটো পুনৰনিৰ্মান কৰা, খহনীয়াত সৰ্বস্বান্ত পৰিয়াল সমুহক ক্ষতিপূৰন দিয়াৰ দাবীত পথ অবৰোধ কাৰ্যসূচী গ্ৰহন কৰে ৰাইজে ৷ গোৱৰ্দ্ধনা আঞ্চলিক বেঁকী নদীৰ খহনীয়া প্ৰতিৰোধ আৰু পুনৰ সংস্থাপন দাবী সমিতিৰ উদ্যোগত ৰূপায়ন কৰা পথ অবৰোধ কাৰ্যসূচীত কৃষক মুক্তি, ছাত্ৰমুক্তি, আমছু আদি কেতবোৰ সংগঠনৰ প্ৰতিনিধিয়েও অংশ গ্ৰহন কৰে ৷ প্ৰতিবাদী ৰাইজে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্লোগান আওৰাই দহদিনৰ সময়সীমা বান্ধি দিয়ে চৰকাৰক ৷ দহদিনৰ ভিতৰত বেকী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ নকৰিলে কঠোৰ আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজে ৷ ইপিনে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো আচনি গ্ৰহনত ব্যৰ্থ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তকো সমালেচনা কৰে প্ৰতিবাদী ৰাইজে ৷