গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিল : প্ৰতিবন্ধীক সুৰক্ষা দিব নোৱাৰা কংগ্ৰেছ – বিজেপিক উৎখাতৰ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ। সংবাদ মেলত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰে কয় যে ৰাষ্ট্ৰীয় দলৰ ইস্তাহাৰত প্ৰকাশ নাপালে প্ৰতিবন্ধীৰ সমস্যা, উন্নয়নৰ প্ৰসংগ । যাৰ বাবে আগন্তক লোকসভা নিৰ্বাচনত প্ৰতিজন প্ৰতিবন্ধী ভোটাৰে নিজৰ বিবেকেৰে বিবেচনা কৰি উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায় ।

তেখেতে আৰু কয় যে ৰাজ্যৰ ৪৪ লাখ প্ৰতিবন্ধী ভোটাৰক সদায়েই কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিটো ৰাষ্ট্ৰীয় আঞ্চলিক দলে। যিটো বৰ্তমান সময়ত দলসমূহে প্ৰকাশ কৰা ইস্তাহাৰত প্ৰতিফলিত হৈছে।

পৰিৱৰ্তনৰ শ্লো গান দিয়া নৰেন্দ্ৰ মোদী আৰু ৬০ বছৰৰ অধিককাল শাসন চলোৱা কংগ্ৰেছৰ চৰকাৰে প্ৰতিবন্ধী লোকসকলক পুতৌহে কৰিলে। কংগ্ৰেছে লোৱা বিভিন্ন আঁচনিৰ উপৰিও বিজেপিয়ে সুগম্য ভাৰত, ইন্দিৰা আৱাস যোজনা আদি আঁচনি সমূহ কেৱল আঁচনি হৈয়েই ৰ’ল।

আনহাতে, বিগত বৰ্ষৰ ৫ অক্টোবৰত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি অহা সহস্ৰাধিক প্ৰতিবন্ধী লোকৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতনহে চলালে।

গতিকে বিশ্বাসঘাটক বিজেপি আৰু নিমাতি কন্যাৰ ভাও ধৰা কংগ্ৰেছক দলক উৎখাত কৰিবলৈ আহ্বান জনায় নৃপেন মালাকাৰে।