পলাশবাৰী, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ বিলায়। ছাত্ৰ-ছাত্ৰীক শিক্ষাদানেৰে পোহৰ বিলাওঁতে নিজৰ জীৱনটোৱে অন্ধকাৰ হৈ পৰিল পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত সানপাৰা গাঁ‌ৱৰ এগৰাকী দুৰ্ভগীয়া আদর্শৱান শিক্ষক ধৰ্মেন্দ্ৰ দাসৰ। গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বগুৱান প্ৰথমখণ্ড প্ৰাথমিক বিদ্যালয়ত ঠিকাভিত্তিক সহকাৰী শিক্ষক হিচাপে কৰ্মৰত দাসৰ দুয়োটা কিডনীয়ে বিকল হৈ পৰিছে। পত্নী- কনমাণি পুত্ৰ আৰু বৃদ্ধা পিতৃ-মাতৃৰে অতিবাহিত কৰি থকা সাধাৰন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ধৰ্মেন্দ্ৰ দাসৰ এই ৰোগে এতিয়া পৰিয়ালটোলৈ নমাই আনিছে ঘোৰ অমানিষা। গুৱাহাটীস্থিত এপ’লো , জি এম চি এছত চিকিৎসা চলাই থকাৰ পিছত এতিয়া দাসৰ দেহত কিডনী সংৰোপনৰ বাবে প্ৰয়োজন অতিকমেও ২৫ ৰ পৰা ৩০ লাখ টকা। কিন্তু দুৰ্ভগীয়া পৰিয়ালটিৰ বিক্ৰি কৰিবলৈও নাই কোনো সা- সম্পত্তি। সেয়ে কণ কণ শিশুহঁ‌তক সু-শিক্ষা প্ৰদান কৰি মানুহ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈ থকা অৱস্থাতে দিশহাৰা হোৱা দাসৰ চৰকাৰ, বিধায়ক আৰু অসমবাসীক কাতৰ অনুৰোধ জনায় কয় যে তেওঁলোকৰ অকণমান সহায়ে হয়তো তেওঁৰ জীৱন ঘুৰাই পুনৰ শিক্ষকতা কৰিব পাৰে। সেয়ে পৰিয়ালৰ লোকৰ আহ্বান যে কোনো সদাশয় লোকে যদি মানৱীয় দৃষ্টিভংগীৰে সহায়ৰ হাত আগবঢ়াৱ বিচাৰে তেন্তে তলৰ এই ঠিকনাত সহায় কৰিব পাৰে। একাউণ্ট নম্বৰ- ২০১৪৬৭৪৬৫৪৪, আই এফ এছ চি কোড- এছ বি আই এন০০১৪৭৯৩ ব্ৰান্স এ চি বি বিজয় নগৰ। আপোনাৰ অকন সহায়েও হয়তো জীৱন দান দিব পাৰে এইগৰাকী শিক্ষকৰ।