নলবাৰী, সংবাদ ৩৬৫,  ১ জুলাইঃ ১৯৬৪ চনত নলবাৰী জিলাৰ গুৱাকুছিত স্থাপিত হোৱা গ্ৰাম্য অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান পূৱ বনভাগ মিলন এম ই স্কুলৰ সতীৰ্থ সমাৰোহ দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অন্ত পৰে। শনিবাৰে বিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপনৰ কাৰ্যসূচীৰ লগতে দেওবাৰে এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাখনত উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণীধৰ ডেকা, হৰমোহন ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। বিদ্যালয়খনৰ সতীৰ্থ সমাৰোহৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে নলবাৰীৰ ৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্যই। সতীৰ্থ সমাৰোহত বিদ্যালয়খনৰ কেইবাজনো প্ৰাক্তন ছাত্ৰ উপস্থিত থাকি মনৰ ভাৱ প্ৰকাশ কৰে। সভাৰ অন্তত বিদ্যালয়খনৰ প্ৰধান শিক্ষক চাহাবুদ্দিন আহমেদে সভাখন সফলতাৰে সম্পন্ন হোৱাৰ বাৱে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।