বাক্সা, সংবাদ ৩৬৫, ২ জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত দৰংগামেলা আৰক্ষীয়ে দেওবাৰে নিশা গোৱালপাৰা জিলাৰ খৰবুজাত এগৰাকী অপহৃত ছাত্ৰীক উদ্ধাৰ কৰে। জানিব পৰা মতে বাক্সা জিলাৰ শশীপুৰ নিবাসী ভোলা দাসৰ কন্যা তথা তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকী যোৱা ২৯ জুনত কলেজলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল৷ নিশালৈ ছাত্ৰী গৰাকী ঘৰত আহি নোপোৱাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে দৰংগামেলা আৰক্ষী চকীত ছাত্ৰী গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই ছাত্ৰী গৰাকী শশীপুৰ গাঁৱৰে মালেকউদ্দিন আলীৰ পুত্ৰ ছহিদুল আলী নামৰ যুৱক এজনে অপহৰন কৰি নিয়াৰ সন্দেহ কৰে। দৰংগামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন মনি দাসে তদন্ত চলাই ছাত্ৰী গৰাকী বৰপেটাৰ ফালে থকাৰ তথ্য লাভ কৰি দেওবাৰে নিশা গোৱালপাৰা জিলাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ উপস্থিতিৰ সম্ভেদ পাই যুৱক জনে ছাত্ৰী গৰাকীক এৰি পলায়ন কৰাত আৰক্ষীয়ে গোৱালপাৰা জিলাৰ খৰবুজাৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অপহৰণকাৰী যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷